পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পঞ্চম অধ্যায় প্রকৃত সাধু সেই অৰণ্যৰ মাজত অপৰিচিত মূৰ্ত্তিৰ পাচে পাচে খেদি গাড়ােৱানটো প্রায় এটা ৰিঙিৰ বাট গ’ল; ইমান দূৰলৈ খেদিবলৈ গাড়ােৱানৰ ইচ্ছা নাছিল, কিন্তু সেই মূৰ্তিয়ে তেনে কৰিবলৈ তাক বাধ্য কৰিছিল ; সেই অদ্ভুত মূৰ্তিটো গাড়ােৱানে খেদি গলেই লৰ মাৰে, আৰু উভতি অহা দেখিলে পাচতে আহে। শেহত নিতান্ত অসহ্য হৈ উঠাত গাড়ােৱানে তাক ধৰিবৰ নিমিত্তে খেদা দিলে। প্রায় এটা ৰিঙিৰ বাট লৰাৰ পাচত গাড়ােৱানে তাক ধৰা পেলালে। ধৰিয়েই তাক ভালকৈ জোকাৰ এটা মাৰি সুধিলে,- “শালা, অব কাহাঁ যায় গা ? তুমকো আজ মাৰকৰ ই জঙ্গল মে ফেঁক দুগা। হামকো চিনা নহি। ভূত বকে হামকো ডৰৱানে আয়া থা! দেখা যায় গা তুম কৈসা ভূত হে।” মূর্তি—তােমাক ভাই বুলিছোঁ। মই ডকাইত নহওঁ, আৰু তােমাৰ অপকাৰ কৰিবলৈকো অহা নাই। তােমাৰ লগত বহুততা গােপনীয় কথা আছে। গাড়ােৱানেও এইবাৰ অসমীয়াতে ক’লে,-“তেনেহলে তই আগেয়ে কথা নকৈছিলি কিয়?” মূর্তি—কৈছো নহয়, মােৰ কথা গােপনীয়। সেই দেখি তাত কব নােৱাৰি তােমাক এই দৰে আঁতৰাই আনিছিলো। গাড়াে–কি কথা আছে এতিয়া নকৱ কিয় ? সেই ছদ্মবেশী মানুহটোৱে তেতিয়া দহ টকা ৰূপ উলিয়াই গাড়ােৱানক দেখুৱাই ক'লে,-“এই টকা কেইটা তােমাৰ ?”