পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ত্রয়ােদশ অধ্যায় দোষৰ দণ্ড দীনবন্ধুৰ এটা দুৰ্বলতাৰ কথা সকলােৱে জানিছিল; সেইটো হৈছে—তেওঁ কাৰৰ অপকাৰ কৰিব নােৱাৰে। কোনােবাই তেওঁৰ সামাজিক অনুষ্ঠান আদিৰ বিৰুদ্ধাচৰণ কৰিলে, তেওঁ তেনে বিৰুদ্ধাচাৰীক কোনাে শাস্তি দিবলৈ নিবিচাৰি তেনে অনুষ্ঠানৰ আৱশ্যকতা মাথােন প্রতিপন্ন কৰিবলৈ চেষ্টা কৰে। কিন্তু ব্যক্তিগত ভাবে অকল তেওঁৰ হানি কৰিবলৈ কোনােবাই যত্ন কৰা দেখিলেও তেওঁ তাৰ বিশেষ ভু নলয়। নিজৰ গৌৰৱ ৰক্ষা বা প্ৰচাৰ কৰিবলৈ তেওঁৰ অভিলাষ নাই। শিৱশৰ্মাৰ দুশ্চেষ্টাৰ পৰা যদি অকল তেওঁৰ অপকাৰ বা হানি হােৱাৰ সম্ভাৱনা দেখিলেহেঁতেন, তেনেহলে তেওঁ সেই বিষয়ে কোন কথাকে নকলেহেঁতেন, কিন্তু তেওঁৰ লগতে প্ৰভাৱতীৰ অপকাৰ হােৱাৰ ভয়ত তেওঁ কিছু ভাবনাত পৰিল, সেই কাৰণেই তেওঁ শিৱক ডাবি দিছিল। আন কোনােৱাই শিৱক এইদৰে ডবিওৱা হ'লে, তেওঁ কিজানি তেতিয়াই ভৰিত পৰি ক্ষমা খুজিলেহেঁতেন, আৰু ভৱিষ্যতলৈ তেনে নকৰিবলৈ প্রতিজ্ঞা কৰিলেহেঁতেন। কিন্তু যদিও শিৱই দীনবন্ধুৰ কথাত বাহিৰত ভয় খােৱা যেন দেখুৱাইছিল, তথাপি পেটে পেটে সিমান ভয় কৰা নাছিল। তেওঁ জানিছিল—দীনবন্ধুৱে প্ৰভাক ৰক্ষা। কৰিবলৈ যত্ন কৰিলেও তেওঁৰ অপকাৰ নােহােৱাকৈহে কৰিব। সেই কাৰণে তেওঁ তেওঁৰ দুশ্চেষ্টা বন্ধ নকৰিলে, বৰং তেওঁৰ দল-বল বেচি পুইহে কৰিবলৈ ধৰিলে। - ২