পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম অধ্যায়

ঘৰুৱা শিক্ষক

 পানীৰামৰ তিনটা ভাল ঘৰৰ কথা ওপৰত কৈ অহা হৈছে। এটা বাৰীখনৰ উত্তৰ ফালে পূৱা-পশ্চিমাকৈ সজা। এইটো বৰ ঘৰ, ইয়াতে লগাই উত্তৰা-দক্ষিণাকৈ মাৰল ঘৰটো সজা হৈছে। দক্ষিণ ফালে বাটলৈ মুখ কৰি চ’ৰা ঘৰটো সজা। এই তিনিওটা ঘৰ টিনৰ, আৰু সজাওঁতে খৰচো কমকৈ পৰা নাই। ইয়াৰ ভিতৰত বৰ ঘৰটোত পানীৰাম আৰু ৰম্ভা শোৱে, মাৰলত লক্ষ্মীকান্ত ঘৈণীয়েকৰে সৈতে থাকে। চৰা ঘৰটোৰ এখোটালিত আলহী অতিথি বা আন অভ্যাগত বহে আৰু ইটো খোটালিত ৰম্ভাই লিখা পঢ়া কৰে, চিত্ৰ আঁকে আৰু গান-বাদ্য শিকে। খোটালিটোত এখন মেজ আৰু ওচৰতে দুখন চকি আছে। একাষে এখন চালপীৰা, তাত এখন দলিচা পাৰি থোৱা আছে, দুজনতকৈ বেচি মানুহ হলে, ইয়েই বহা আসনৰো কাম দিয়ে, সম্প্ৰতি তাত এটা হাৰ্ম্মোনিয়ম তুলি থোৱা আছে। মেজৰ ওপৰত এটা ৰঙৰ বাকচ আৰু খনচেৰেক চিত্ৰৰ কাগজ। ওচৰতে এটা সৰু আলমাৰীত খনচেৰেক অসমীয়া, বঙলা আৰু ইংৰাজী কিতাপ। অসমীয়াৰ ভিতৰত খনচেৰেক উপন্যাস, ৰাধাহৰণ, উষাহৰণ, আৰু মনোহৰ কোঁৱৰ। বঙলা কিতাপৰ ভিতৰত খনচেৰেক বটতলাৰ উপন্যাস, পাঁচকড়ি দেৰ দুখনমান ডিটেকটিভ উপন্যাস, বিদ্যাসুন্দৰ আৰু খেমটা সঙ্গীত, প্ৰেমসঙ্গীত আদি সঙ্গীত পুস্তকাৱলী। ইংৰাজী কিতাপৰ ভিতৰত ইংৰাজী প্ৰথম পাঠ মাত্ৰ। খোটালিটোৰ বাৰত কেইবাখনো ছবি আছে; তাৰ ভিতৰত মান-ভঞ্জন, গোপীৰ বস্ত্ৰহৰণ, ৰাসলীলা আৰু কেইখনমান বিলাতী প্ৰেম-চিত্ৰ প্ৰধান। এই

— ২৪ —