পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সপ্তম অধ্যায়

ৰম্ভাৱতী

 অলপ পৰ নীৰৱ হৈ থকাৰ পিচত দীনবন্ধুৱে কলে, — “পিচে অহাৰ সকাম?”

 যুৱতী — মই এটা বিশেষ প্ৰয়োজনত আপোনাৰ ওচৰলৈ আহিছোঁ।

 দীন — অৱশ্যে। পিচে প্ৰয়োজনটো কি ভাঙি কলেই হয়।

 যুৱতী — নিশ্চয় ক’ম; কবলৈকে আহিছোঁ। আপুনি বোধ কৰোঁ মোক চিনি পাইছে।

 দীন — ক’তা! আপোনাক দেখোন আগে-পিচে দেখা মোৰ মনত নপৰে।

 যুৱতী — আপোনাৰ মনত নপৰিব পাৰে; কিন্তু আগে-পিচে দেখিছিল।

 দীন — হ’ব পাৰে; কিন্তু এতিয়া হলে সমূলি মনত পৰা নাই।

 যুৱতী — কিয়, তাহানিখন আপুনি ককাইদেউৰ সৈতে একেলগে স্কুলত পঢ়িছিল নহয়। তেতিয়া এদিন আমাৰ ঘৰলৈ গৈছিল, মই তামোল আনি দিছিলোঁ, আপুনি মোক মৰম কৰিছিল।

 দীন — আপোনাৰ ককাইদেৱক কোন?

 যুৱতী — লক্ষ্মীকান্ত দাস।

 দীন — অ’ এতিয়া বুজিছোঁ — “তুমি ৰম্ভা। মই দেখোঁতে তুমি একেবাৰেই সৰু আছিলা। তাৰ উপৰি তোমাৰ সাজ-পাৰৰ এনে সলনি ঘটিছে যে অলপ দিনৰ আগতে দেখা হলেও কি জানি চিনি নাপালোঁহেঁতেন। পিচে হঠাৎ আহিলা যে?

— ৪০ —