মদাহী
দুৰ্ভাগ্য পাহৰি যায়। শিশুটিক বুকুত সুমুৱাই যেতিয়া ঘনে ঘনে চুমা খাবলৈ ধৰে, তেতিয়া তেওঁ ভাবে যেন তেওঁৰ সমান ভাগ্যৱতী পৃথিবীত আৰু কোনো নাই।
কাতিৰামৰ এতিয়া কোনো কাম নাই; মাত্ৰ কেতিয়াবা দেশী মদৰ দোকানত আৰু কেতিয়াবা পইচা থাকিলে বিলাতী মদৰ দোকানতে মদ খাই বাটে বাটে বলিয়ালি কৰি ফুৰে। মদৰ জালত যেতিয়া ঢলংপলংকৈ ঘৰলৈ যায়, তেতিয়া ল’ৰাটো কোলাত উঠিবলৈ আহিলে, কেতিয়াবা আগ্ৰহেৰে কোলাত লয়, কেতিয়াবা ‘গুচ, তেহেলেই যা’ বুলি থেকেচা মাৰি দিয়ে। তেনে দেখিলে মাকে লৰি আহি ল’ৰাটো তুলি লয়, তাৰ বাবেও সময়ে সময়ে কাতিৰামৰ গালি আৰু কিল খাব লগাত পৰে। হায়! ললিতাৰ দোষ কি! স্বামী- প্ৰেম আৰু পুত্ৰ-বাৎসল্যৰ বাহিৰে যে তেওঁ একো নাজানে!
সৰ্ব্বানন্দই সঁচাকৈয়ে কাতিৰামৰ ওপৰত ছহেজাৰ টকাৰ গোচৰ কৰিলে। গোচৰৰ দিনা কাতিৰাম আদালতত উপস্থিত ন’হল। হাকিমে গোচৰৰ সমুদায় ধন ‘একতৰফা ডিক্ৰী’ দিলে। কাতিৰামে সেই বিষয়ে কোনো চিন্তাকেই নকৰিলে।
এই ঘটনাৰ দিনচেৰেকৰ পাচত এদিন দীনবন্ধু কোনোবা এখন গাৱঁৰ ৰাজহুৱা সভাত যোগ দিবলৈ গৈছিল। সভা ভাঙি উলটি আহোঁতে প্ৰায় সন্ধ্যা হৈছিল। আহি থাকোঁতে তেও ঁনিলগৰ পৰা আলিৰ দাঁতিত এদল মানুহ গোট খোৱা দেখি কাণ্ডটো কি জানিবৰ নিমিত্তে কোবা-কুবিকৈ খোজ দিলে। ওচৰ পাই দেখিলে,—এটা মানুহ খাৱৈত পৰি আছে। মানুহটোৰ মুখৰ পৰা অনৰ্গল লাগ-বান্ধ নোহোৱা কথা ওলাইছে, আৰু চাৰিওফালৰ মানুহবোৰে পাৰে মানে হাঁহিছে। মানুহটোৱে কৈছে,—“তহঁতে হাঁহিছ, জনা নাই—মই তহঁতক কি কৰিব পাৰোঁ। তহঁত ছোটলোক, মই ৰায় বাহাদুৰ।
–৩৪১–