ঈশ্বৰৰ ইচ্ছা
কোনোমতে ৰক্ষা পৰিছে। জানেই মই দুখীয়া মানুহ, তাতকৈ অধিক কৰিবলৈ মোৰ শক্তি নহ'ল। ঈশ্বৰক ধন্যবাদ দিয়ক—তেওঁৰ; কৃপাত আপোনালোকে নিজৰ ভেটি এৰিব লগা নহ'ল।
বুঢ়ী—বোপাদেউ, ঈশ্বৰে তোমাৰ ভাল কৰিব। পোনাটিক বুকত লৈ যে গছৰ তলত থাকিব লগা নহ’ল, এয়েই পৰম ভাগ্য। পিছে, বোপা, ধন খৰচ কৰি ৰাখিলা নাৰাখিলা, সি মদাহীয়ে জানো থাকিবলৈ দিব!
দীন—সেই বাবে ভয় নাই। মাটি আৰু ঘৰৰ ওপৰত কাতিৰ এতিয়া কোনো হাত নাই; সি মোৰ। কিন্তু মই তাক লবৰ ইচ্ছাৰে ৰখা নাই; আপনালোক যাতে ভেটি এৰি যাব নালাগে, তাৰ নিমিত্তেহে ৰাখিছোঁ। আপোনালোকে মোক একো দিব নালাগে; আগেয়ে যেনেকৈ নিজৰ বুলি ব্যৱহাৰ কৰিছিল, এতিয়াও তেনেকৈয়ে কৰক। ল’ৰাটি যেতিয়া বুজন হ’ব, তেতিয়া মই যি কৰিব লাগে কৰিম। আপোনালোকে এতিয়া ভালকৈ বোৱা-কটাত ধৰক, তাৰ পৰাই খোৱা খৰচ ওলাব। সূতা-নেতা লাগিলে মোক ক’ব, মই পঠিয়াই দিম; পিচত কাপোৰ বেচিলে দাম দিব।
বুঢ়ীয়ে প্ৰাণ খুলি দীনবন্ধুক আশীৰ্বাদ দিলে। ললিতাই বেৰৰ আঁৰৰ পৰা শুনি থাকি ভক্তি-গদ্গদ চিত্তে দীনবন্ধুৰ মঙ্গলৰ নিমিত্তে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালে। দীনবন্ধুৱে বুঢ়াক বৰাই-বুজাই সান্ত্বনা দি বিদায় ল'লে। ললিতা আৰু বুঢ়ীও কিছু আশ্বস্ত হল।
সেই দিনা ৰাতি ল'ৰাটোৱে ঘনাই কান্দিবলৈ ধৰিলে; মাকে হাত দি চাই দেখিলে—গাটো জুই যেন তপত, ৰাতিটো বুকতে লৈ শুই থাকিল।
ৰাতিপুৱা জ্বৰ আৰু বেচি হ’ল, লগে লগে কাহিবলৈকো ধৰিলে। ললিতাই কাভিৰামক এজন ডাক্তৰ বা কবিৰাজ মাতিবলৈ ক'লে।
-৩৫৩-
২৩