পৰিণত কৰি মুক্ত বিহঙ্গমৰ দৰে বিচৰণ কৰিম, এক প্ৰাণ, এক উদ্দেশ্য লৈ মঙ্গলময়ৰ আলোকময় ৰাজ্য বিস্তাৰ কৰিম।
উমা — ৰ’বা ৰ’বা, তোমাৰ কবিতাৰ বলিয়ালিয়ে এনেকৈ উক দিলে আমাৰ পলায়নৰ বাহিৰে উপায় নাথাকিব।
দীন — তুমিয়েই হে জোকাই লৈছা, মোৰ গাত দোষ কি?
উমা — বাৰু জোকাই নলওঁ। তোমাক আৰু এটা কথা ক’ব লগা আছে।
দীন — কি কথা কৈ যোৱাঁ।
উমা — কথা হৈছে তুমি বিয়া নকৰোৱাৰ পৰা বহুতৰ অপকাৰ হৈছে।
দীন — মোৰ পৰা অপকাৰ হৈছে! কেনেকৈ?
উমা — কেনেকৈ শুনা। তোমাক জোৱাঁই পাবলৈ বহুতৰ আশা আছে, আৰু সেই বাবেই তেওঁলোকৰ ছোৱালী আন কাকো নিদি তোমালৈ বুলি সাঁচি থৈছে। শেহত তুমি বিয়া নকৰালে এই ছোৱালীহঁতলৈ সাউৎকৰে ক’ত ভাল দৰা পোৱা যাব? তেতিয়া যদি যেনে তেনে পাত্ৰক দিব লগা হয়, আৰু ছোৱালীহঁতৰ দুখ হয়, তেন্তে তাৰ বাবে কোন দায়ী হ’ব? আন নালাগে, তুমি বিয়া কৰালেও এজনীহে বিয়া কৰাবা, বাকীবোৰৰ কি হ’ব? তুমিতো আৰু সকলোকে নাসামৰা।
দীন — তাৰ বাবে মই দায়ী নহওঁ। মই কাকো তেনে কৰিবলৈ কোৱা নাই।
উমা — তথাপিও তোমাৰ বিয়া নোহোৱালৈকে তোমাৰ অজ্ঞাতসাৰে হলেও তুমিয়েই সেই অনৰ্থৰ মূল হৈ থাকিবা।
দীন — তাৰ প্ৰতিকাৰৰ উপায় নাই। আৰু এটা কথা — মোৰ বিশ্বাস বিবাহ-বন্ধনটো এক জন্মৰ নহয়, ইয়াত জন্ম-জন্মান্তৰৰ আকৰ্ষণ