পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিয়াৰ বিষয়ে

এতিয়া তৰ্ক কৰিলে কি হ’ব! সেইবোৰ আজিলৈ থাওক, মোৰো পলম হ’ল। মই যি কাৰণত আহিছিলোঁ তাৰ কথা কওঁ। কথাটো হৈছে — মই তোৰ বিয়াৰ ঠিক কৰিছোঁ। অহা আঘোণ নাইবা ফাগুনত বিয়াখন হৈ যাব লাগিব। তই তাত একো হকা-বধা নকৰিবি।

 দীন — মই আপোনাৰ ভৰিত ধৰি মাতিছোঁ, আপুনি সম্প্ৰতিকে তেনে কোনো বন্দৱস্ত নকৰিব। অন্ততঃ আৰু এবছৰৰ ভিতৰত মই কোনো মতেই বিয়াৰ কথা ভাবিব নোৱাৰোঁ ।

 মোমাই — তোৰ সেই কথা পাঁচবছৰ শুনি আহিছোঁ। অৱস্থা ভাল হ’লে বিয়া কৰাম কৰামকৈ ইমান দিন নিয়ালি; পিচে ক’তা, মই দেখোন অৱস্থাৰ একো পৰিবৰ্ত্তন দেখা নাই। আগেয়ে যি আছিলি, এতিয়াও সেয়ে। সেই দেখি আৰু বিলম্ব কৰাৰ কোনো প্ৰয়োজন নাই। শুভ কাৰ্য্য সোনকালে শেষ হোৱাই মঙ্গল। আকৌ তোৰ অৱস্থা খুব ভাল নোহোৱাৰ বাবেও একো লেঠা নাই; বিয়া কৰাবলৈ আগ বাঢ়িলে দুই-চাৰি হাজাৰ টকা দিবলৈ গাত লোৱা মানুহৰ অভাৱ নাই।

 দীন — টকা লৈ কৰোৱা প্ৰথাটো অতি ঘিণ লগা, ই আগেয়ে বঙ্গদেশত আছিল, এতিয়া সুৰ সুৰ কৰে আসামতো সোমাইছেহি। ইয়াক প্ৰশ্ৰয় নিদি যিমান বেগাই পাৰি আঁতৰাবলৈ যত্ন কৰা উচিত৷ মই কেতিয়াবা বিয়া কৰালেও ছেৱোলীৰ উপযুক্ততাহে চাম, ধনৰ মোনালৈ নাচাওঁ। উপযুক্ত হ’লে লাগে ভিকহুৰ ছোৱালীয়েই হওক, তথাপি ধনী ডাঙৰীয়াৰ বিলাসিনী কন্যাতকৈ সহস্ৰগুণে ভাল হ’ব।

 মোমাই — তেনেহলে ভাল কথা, তোৰ ইচ্ছামতেই কাম হওক। মহেশ্বৰৰ ছোৱালীটীকে বিয়া কৰা। তোৰ লগত সকলো বিষয়তে মিলি যাব। তেৱোঁ আজি তিনি বছৰ তোলৈকে আশা কৰি বাট চাই আছে। মই কালিলৈকে সকলো ঠিক কৰি দিম

— ২০৭ —