পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সান্ধ্য ভোজন

পৰা আধা মাইল মান দূৰতে। তাৰ বাপেকে তিনি হেজাৰ টকা মোৰ দোকানত জমা থৈছিল। আজি দুমাহমান হ’ল বাপেক মৰিছে! লৰাটোৱে লিখাপঢ়া নাজানে। বাপেক মৰাত জমা টকা, খাত পাম আৰু এটা গৰুৰ খুটি তাৰ হাততে পৰিছে।

 তপেশ্বৰ — আপুনি আমাৰ গাৱঁৰ কাতিৰামৰ কথা কৈছে নেকি?

 সৰ্ব্বা — এৰা, তাৰ কথাকেই কৈছোঁ।

 ৰাজখোৱা — তেন্তে বঢ়িয়া হৈছে। তুমি তাক কালিলৈ ইয়ালৈ লৈ আহিবা।

 তপেশ্বৰ — আনিব পৰা যাব, কিন্তু সেই কুৰি বছৰীয়া লৰাটো আমাৰ লগত সুমুৱালে দেখাত ভাল নহ’ব। সি নিতান্ত চহা। লিখা-পঢ়াৰ ভিতৰতো মুঠেই যোঁটাই যোঁটাই পদ-পুথি পঢ়িব পাৰে।

 ৰাজখোৱা — তাকেই তো লাগে; ঠিক যেনে বিচাৰিছিলোঁ, তেনেকুৱাই মিলিছে। এবাৰ আনি দিয়া মুঠেই, এবছৰৰ খৰচ ওলাই যাব।

 তপেশ্বৰ — আনিব বোধকৰোঁ পাৰিম।

 ৰাজখোৱা — তুমি তাৰ তালৈ যোৱাৰ আগতে এবাৰ মোক লগ ধৰি যাবা।

 গদা — পিচে, হিচাপটো কাৰ নামে লিখিম?

 ৰাজখোৱা — তাৰ দিহা কালিলৈ হ’ব; এতিয়া ময়েই তাৰ বাবে দায়ী থাকিলোঁ।

 তাৰ পিচত গকুলচন্দ্ৰ উঠিল; বাকী কেইজন তাচত বহিল আৰু লগে লগে নানা বিষয় আলোচনা হবলৈ ধৰিলে।

— ৫৩ —