পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সভা

বাধ্য হলোঁ। আপোনালোকে মোক ক্ষমা কৰি সভাৰ বাকী কৰ্ত্তব্য শেষ কৰক।”

 এইদৰে কৈ তেওঁ এটা কাকতৰ টোপোলা প্ৰভাৱতীৰ হাতত দিলে। ঠিক এনে সময়তে হাতত এটা দৰবৰ বাকচ লৈ এখন ঠিকাগাড়ীৰে সৈতে গঙ্গাৰাম আহি “টাউন হলৰ” সম্মুখত উপস্থিত হ’ল। দীনবন্ধু ওলাই গ’ল আৰু গৈ থাকোঁতেই কাগজ এডোখৰত কিবা লিখিলে। গাড়ীৰ ওচৰ পাই কাগজ ডোখৰ গঙ্গাৰ হাতত দি ক’লে, — “তই এইখন লৈ এতিয়াই আশ্ৰমলৈ যা”।

 এইকথা কৈয়েই গঙ্গাৰ হাতৰ পৰা বাকচটো লৈ দীনবন্ধু একে জাঁপেই গাড়ীত উঠিল। কোচোৱানক ক’লে, — “জানৰ পাৰলৈ”। কোচোৱানে গাড়ী চলাই দিলে।

 জানৰ পাৰৰ কেইবা জনো মানুহ সভালৈ আহিছিল। দীনবন্ধুক তেওঁলোকৰ গাৱঁলৈ তেনে ভাবে যোৱা দেখি কিবা বিপদ ঘটিল বুলি তেওঁলোকেও সভা এৰি লৰ দিলে।

 এই ঘটনা হোৱাত প্ৰায় মানুহৰে মুখ বিষন্ন হৈছিল; সভাপতিৰ বা তেওঁৰ দলৰ কিন্তু কাৰো মুখত বিষাদৰ চিন নাছিল। আন কি গকুলচন্দ্ৰৰ মুখত স্পষ্টকৈ হাঁহিয়ে দেখা দিছিল।

 দীনবন্ধু যোৱাৰ পিচত সমজুৱাসকললৈ চাই সভাপতিয়ে ক’লে, — “ৰাইজসকল, আমাৰ কাৰ্য্যৰ মাজত হঠাৎ বিঘিনি ঘটাটো বৰ দুখৰ বিষয় সন্দেহ নাই; কিন্তু এতিয়া যেনেকৈ হওক, সভাৰ কাৰ্য্য শেষ কৰা বাঞ্ছনীয়।

 প্ৰভা ।— সভাপতিৰ অনুমতি পালে মই একেষাৰ কথা ক’ব খোজোঁ।

 সভাপতি ।— ক’ব পাৰে।

 প্ৰভা — সকলো ৰাইজে জানে এই সভাৰ আহ্বানকাৰী কোন

— ৫৭ —