পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
ঘৰুৱা শিক্ষক

চিত্ৰবোৰৰ মাজে মাজে ৰম্ভাৰ নিজৰ চিত্ৰ চাৰিখন আছে। এখনত ৰম্ভা আধা বহা আধা শোৱা অৱস্থাত, গা দেখা পাতল চেমিজৰ ওপৰত দীঘল চুলি-কোছা মেলি দি প্ৰাকৃতিক পৰিচ্ছদৰ সৌন্দৰ্য্য বিস্তাৰ কৰিছে। এখনত হাৰ্ম্মোনিয়ম বজাইছে, এখনত চিত্ৰ আঁকিছে, আৰু এখনত নানাপ্ৰকাৰ ফুলপাতেৰে গাটো সজাই ফুলকুঁৱৰী সাজিছে। এই আটাইকেইখন চিত্ৰ হেনো চিত্ৰ-শিক্ষকজনে বিনামূল্যে তুলি দিছে।

 এই গ’ল চ’ৰা ঘৰৰ কথা। ইয়াৰ বাহিৰেও এটা ৰান্ধনি ঘৰ, এটা গোহালি আৰু দুটা ভঁৰাল ঘৰৰ লেখ দিলেহে পানীৰামৰ আটাইকেইটা ঘৰৰ কথা কোৱা হয়। কিন্তু সেইবোৰত ভালকৈ চকু দিবলৈ আমাৰ সময় নাই; কাৰণ তেনে কৰিবলৈ গলে ইফালে ৰম্ভাৰ লগত সাক্ষাৎ কৰি পাব খোজা আনন্দৰ ভাগ হেৰাব।

 সন্ধ্যা লগাৰ পৰা অলপ সময় অতীত হৈছে মাথোন। বাহিৰত জোনাক। দিনৰ চোকা ৰ’দৰ চোকা উত্তাপৰ পিচত এতিয়া অলপ অলপকৈ জুৰ বতাহ বলিছে। ৰম্ভাই আগত হাৰ্ম্মোনিয়মটো লৈ দলিচাৰ ওপৰত বহি হাতৰ তলুৱাত গালখন আওজাই বাটৰ ফাললৈ চাই আছে আৰু মুখেৰে গুণ-গুণকৈ কিবা গাইছে। এটা উৎকণ্ঠাৰ চিন গোটেই মুখত বিয়পি পৰিছে, যেন কাৰবাৰ আগমনলৈ প্ৰতীক্ষা কৰি হতাশ হৈছে। এনেকৈ কিছু সময় থকাৰ পিচত তেওঁৰ মুখ উৎফুল্ল হৈ উঠিল; কিন্তু আগেয়ে থকা অৱস্থাৰ পৰা অলপো লৰচৰ নকৰিলে। অলপ পিচতেই সঙ্গীতশিক্ষক মহেশচন্দ্ৰ আহি খোটালিটোত সোমাল আৰু ৰম্ভাৰ সেই গঢ় দেখি মিচিকিয়াই হাঁহি গীত ধৰিলে :—

হেৰা কোৱাঁ তুমি কোন।
মুখখনি চাওঁ যদি পূৰ্ণিমাৰে জোন।

— ২৫ —