মই এই কেইজন মানুহ কিয় বাছিছোঁ শুন। — এই জিলাৰ ভিতৰত এই তিনিজন মানুহে কৰোঁ বুলিলে কৰিব নোৱৰা কাম নাই। তাৰ উপৰিও উকীল হৈছে লোকেল বোৰ্ডৰ মেম্বৰ আৰু মিউনিচিপেলিটিৰ কমিশ্যনাৰ; চেষ্টা কৰিলে তোকো তেওঁৰ লগৰীয়া কৰি ল’ব পাৰিব। তাৰ পিচত ৰাজখোৱা হৈছে বাতৰি কাকতৰ লিখক; তেওঁ যদি মাজে মাজে তোক প্ৰশংসা কৰি কাকতত লিখে, তেনেহলে অলপ দিনতে তই জমিদাৰ কাৰ্ত্তিকচন্দ্ৰ ভূঞা বুলি জনাজাত হবলৈ অলপো টান নহয়। সেয়ে হলেই তাৰ পিচত দুই এবাৰ চীফ কমিশ্যনাৰৰ লগত দেখা কৰিবি, তেতিয়া চাওঁচোন গৱৰ্ণমেন্টে কেনেকৈ তোক ৰায়-বাহাদুৰ খিতাপ নিদিয়াকৈ থাকে! সৰ্ব্বানন্দকো লগত ৰাখিবলৈ কৈছোঁ এই বাবে যে তেওঁ তোৰ বাপেৰৰ চিনা-জনা মানুহ; নিশ্চয় তেওঁ তোৰ ভালৰ নিমিত্তে চেষ্টা কৰিব আৰু আৱশ্যক হলে টকাকড়িৰ সাহায্যও লোৱা যাব। এতিয়া যদি তই মই কোৱাৰ দৰে কাম কৰ, তেনেহলেই সকলো কাম সিদ্ধি হ’ব। মোৰ ক’ব লগা কথা কলোঁ, এতিয়া তই যি ভাল দেখ কৰি থাক। আমাৰ নো কি লাভ লোকচান আছে! মুঠেই ওচৰচুবুৰীয়া বুলি তহঁতৰ ভাল দেখিলে আমাৰো ভাল লাগে, ৰং পাওঁ। সেই হে ইমানখিনি কথা কলোঁ।
কাতিৰাম — মই একো নাজানো; আপুনি যি কৰিবলৈ কয় তাকে কৰিম।
তপেশ্বৰ — তেনেহলে তই মই কোৱাৰ দৰে সাজ-পাৰ পিন্ধি সন্ধ্যা সময়ত ওলাই থাকিবি; মই আজিয়েই তোৰ লগত তেওঁলোকৰ চিনাকি কৰাই দিম।
কাতিৰাম তপেশ্বৰৰ কথাত মান্তি হ’ল আৰু ৰায় বাহাদুৰ হোৱাৰ স্বপ্ন দেখিবলৈ ধৰিলে। তপেশ্বৰ ৰং মনেৰে কৰ্ম্মক্ষেত্ৰলৈ গ’ল।
⸻