ৰাজখোৱা কিন্তু সকলো তালতে। তেওঁ উকীল আদিৰ দৰেই ব্যৱহাৰ কৰিছিল, কিন্তু সংযত গবেষণাৰ পৰাও একেবাৰেই বঞ্চিত হোৱা নাছিল।
* * * *
শ্ৰীমতী আৰু ওস্তাদে তেওঁলোকৰ প্ৰাপ্য টকাকেইটা লৈ শেহ নিশা প্ৰস্থান কৰিলে। তেওঁলোক যোৱাৰ পিচত গদাধৰে ক’লে — “হেৰা, আমাৰ স্কুলৰ নিমিত্তে এনেকুৱা এজনী যোগাৰ কৰিব নোৱাৰি নে?”
ৰাজখোৱা — এনে এজনী যোগাৰ কৰিলেও শিক্ষয়িত্ৰী হ’ব নোৱাৰিব।
গকুল — কিয়, কিয়? গান শিকাবতো পাৰিব!
সৰ্ব্বানন্দ — অকল গান শিকালেই তো নহয়!
তপেশ্বৰ — গান শিকাব পাৰিলেই লিখা-পঢ়াও জানিব, মুঠেই বোৱা-কটা —
গকুল — Damned your বোৱা-কটা!
সৰ্ব্বা — হওঁতে হয়, আমাৰ ছোৱালীয়ে বোৱা-কটা ঘৰতে শিকিব পাৰিব, স্কুলত শিকোৱাৰ প্ৰয়োজন নাই।
গদা — তেনেহলে এনেকুৱা এজনী বিচাৰ কৰিলেই হয়।
কৃষ্ণকুমাৰ — মই ভাবিছোঁ, অতি সহজে এনে এজনী হে নালাগে দহ জনীৰ যোগাৰ কৰিব পাৰি!
সকলোৱে — কেনেকৈ? কেনেকৈ?
কৃষ্ণ — মই ভাবিছোঁ, স্বৰ্গত যে কল্পতৰু বুলি এজোপা গছ আছে, সি অতি সঁচা। সেই গছতে উৰ্ব্বশী, মেনকা, ৰম্ভা, আৰু তিলোত্তমা লাগিছিল। সেই গছৰ পুলি পোখা নিশ্চয় ক’ৰবাত আছে। তাক