সাধনা
ৰম্ভা—মই অহা ছমাহমান হ’ল, ইয়াৰে মিশ্যন স্কুলত কাম কৰিছিলোঁ। পিচে এতিয়া মোক খৃষ্টান হবলৈ স্কুলৰ গৰাকীয়ে টানি ধৰাত মই কামকে নকৰোঁ বুলি এৰি আহিলোঁ। তাৰ পৰা আহি এবাৰ ভাবিলোঁ, ঘৰলৈ যাওঁ; আকৌ ভাবিলোঁ,-নহয়, এবাৰ তোমাক লগ ধৰিব পাৰিলে ভাল।
আব্দুল—মোক লগ ধৰিবলৈ ইয়ালৈ অহাৰ উদ্দেশ্য কি?
ৰম্ভা—তুমি কলিকতাতে আছা বুলি মই জানিছিলোঁ, কিন্তু ঠিকনাটো ক'ব নোৱাৰোঁ। সেই দেখি জ্ঞানেন্দ্ৰৰ ওচৰত কিবা সংবাদ পাওঁ নে সুধিবলৈ আহিছিলোঁ।
আব্দুল—জ্ঞানেন্দ্ৰ কোন?
ৰম্ভা—তেওঁ এজন ককাইদেউৰ বন্ধু। তেৱেঁই মোক ইয়াত কামত সুমুৱাই দিছিল।
আব্দুল—সচাঁকৈয়ে মোৰ কথা মনত পৰিছিলনে?
ৰম্ভা-তোমাকনো মই পাহৰিব পাৰোনে?
আব্দুল-তেনেহলে এতিয়া মোৰ লগত যাবলৈ তোমাৰ কোনো আপত্তি নাই?
ৰম্ভা—মই তোমাকেই বিচাৰি ফুৰিছোঁ, তেনেস্থলত আকৌ আপত্তি ওলাব কিহৰ?
আব্দুল—ব’লা তেন্তে মোৰ ঘৰলৈ যাওঁ।
ৰম্ভাৰ মাল-বস্তুৰে সৈতে গাড়ীখন তেতিয়াও তাতে ৰৈ আছিল; এতিয়া আব্দুল আৰু ৰম্ভা দুয়ো ভিতৰ সোল। আব্দুলে কচোৱানক কিবা এটা ঠিকনা কৈ গাড়ী চলাবলৈ দিলে।
বহুতো ঘূৰি পকি এটা গলিৰ ভিতৰত গাড়ীখন ৰ’ল। আব্দুলে গাড়ীৰ পৰা নামি এটা খোলাৰ ঘৰৰ দুৱাৰ মেলিলে, তাৰ পাচত পেৰাপেটাৰিৰে
সৈতে ৰম্ভাক ভিতৰলৈ নিলে আৰু কচোৱানৰ লেঠা মাৰি যাবলৈ ক'লে।
-৩৭২-