পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


উনবিংশ অধ্যায় শেষ সিদ্ধান্ত ওপৰত কোৱা ঘটনাৰ পিচদিনা দীনবন্ধুৱে এই চিঠিখন পালে, শ্ৰীচৰণকমলেষু, প্রাণাধিক, প্ৰভাৱতীৰ জীৱনসৰ্বস্ব, প্ৰাণৰ দেৱতা, মােৰ শত- সহস্র নমস্কাৰ গ্ৰহণ কৰি সকলাে দায়-দোষ যেন মার্জনা কৰে । মােৰ কালিৰ আচৰণত আপুনি নিশ্চয় ক্ষুন্ন হৈছে আৰু ময়াে তাৰ বাবে দুখিত আৰু লজ্জিত হৈছে। কিয় তেনে কৰিছিলো, তাক নকলে বােধকৰো আপােনাৰ কিবা সন্দেহ জন্মিব পাৰে, সেই কাৰণেই আজি প্ৰকৃত কথা। আপােনাক জনাবলৈ আগ বাঢ়িলোঁ। কালি পুৱা আপােনাৰ চিঠিখন পাই মােৰ মনত যে কি অভাৱনায় আনন্দৰ ঢৌ উঠিছিল, তাক বুজাই ক’ব নােৱাৰো। কিন্তু কেনেকৈ তাৰ উত্তৰ লিখিম, কোনাে মতেই স্থিৰ কৰিব নােৱাৰিলো। এটা সিদ্ধান্ত স্থিৰ কৰি লিখি যাওঁতেই হঠাৎ আকৌ আন এটা ভাৱৰ উদয় হয়, তেতিয়া আগৰখন ফালি আকৌ নতুনকৈ লিখিবলৈ লওঁ। এনেকৈয়ে ৰাতি দুপৰলৈকে দহখন চিঠি লিখি ফালিলো, কিন্তু আপােনালৈ পঠিয়াব পৰাকৈ এখনাে লিখিব নােৱাৰিলে। মােৰ এই চাঞ্চল্যত আপুনি চাগৈ আচৰিত মানিব, কিন্তু ঘটনাৰ সোঁতত মই তেনেকৈ উটি যাবলৈ বাধ্য হৈছিলো। এবাৰ ভাবিলোঁ, আপােনাৰ যেতিয়া আপত্তি নাই, মই মহা আনন্দেৰে আপােনাৰ প্ৰস্তাৱত সম্মত হােৱা উচিত। আকৌ ভাবিলোঁ সহধর্মিণীৰূপে আপােনাৰ সকলাে কাৰ্যত সহায় হােৱা মােৰ কৰ্তব্য, কিন্তু আমাৰ বিবাহে আপােনাৰ কৰ্তব্যত বিঘিনি জন্মােৱাৰ সম্ভাৱনাহে -০৩ -