পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 দীন—নিশ্চয় হয়। ইহঁতৰ অতীত কাহিনীলৈ মন কৰিলে আৰু বর্ত্তমান গতিবিধিলৈ লক্ষ্য ৰাখিলে, ইহঁতৰ উদ্দেশ্য যে সাধু নহয়, সেইটো বঢ়িয়াকৈ বুজা যায়। কিন্তু লগতে ইয়াকো কোৱা উচিত যে সিহঁতৰ উদ্দেশ্য অসৎ হলেও, সেই উদ্দেশ্য সিদ্ধি হােৱাৰ প্ৰমাণ নাই।

 কৃষ্ণ—মই আৰু এটা কথা ভাবিছোঁ—উদ্ভিদ্‌তত্ত্বৰ মতে যেই সেই গছৰ আশ্রয় নাপালে লতা তিষ্ঠিব নােৱাৰে। পুৰাতত্ত্বমতে তিৰুতাক আশ্রয় লবলৈ পুৰুষ এজন লাগিবই। বালী মৰিলতে তাৰাই সুগ্রীৱক ল'লে আৰু ৰাৱণৰ মৃত্যু হলত মন্দোদৰীয়ে বিভীষণ বৰিলে। প্ৰভাৱতীয়েও এজনেই হওক, বা বহুতেই হওক, পুৰুষৰ আশ্রয় নােলােৱাকৈ থকা নাই বুলি ডাঠি ক’ব পাৰোঁ।

 সৰ্ব্বা—ময়াে তাকে কওঁ। প্ৰভাৰ নিচিনা অকলশৰীয়া যুৱতী আৰু সিহঁতৰ নিচিনা চৰিত্ৰহীন মানুহ যেতিয়া লগ খাইছে ; সিহঁতৰ অসৎ উদ্দেশ্য পূর্ণ হবলৈ কেতিয়াও বাকী থকা নাই।

 দীন—এটা কথা কওঁ, বেয়া নাপাব। মানুহে যেতিয়া বিনা প্রমাণে কোনাে কথা বিশ্বাস কৰে, তেতিয়া সেই বিশ্বাসৰ মাজেদিয়েই তেওঁৰ চৰিত্ৰ ফুটি উঠে। তেওঁ নিজৰ স্বভাৱৰ সাহায্যেৰে বিচাৰ কৰাতহে তেনে বিশ্বাস ওপজে,তেনে অৱস্থাত তেওঁ যি কৰিলেহেঁতেন আনকো তেনে কৰা বুলি ভাবে।

 সৰ্ব্বানন্দৰ মুখ গহীন হ’ল ; তেওঁ একে উত্তৰ নিদিলে। কমলচন্দ্ৰই ঠাইতে মুখ পাতি ধৰি ক'লে,-“বাৰু সেইবােৰ যাওক ; এতিয়া স্কুলৰ উন্নতি আৰু ভৱিষ্যৎ মঙ্গলৰ নিমিত্তে ইয়াৰ বৰ্ত্তমান কাৰ্য্য আৰু নিয়ম-প্রণালীৰ সংস্কাৰ হােৱা উচিত বুলি ভাবা নেভাবা?”

 দীন—আপােনালােকে স্কুলখন যেনে জাতীয়তাশূন্য প্রাণহীন কৰি পেলালে, তালৈ চাই মই তাত সম্পর্ক নৰখাই ভাল। তাৰ পৰা আমাৰ যে বিশেষ কিবা উপকাৰ হ’ব, মই তেনে আশা নকৰোঁ।

-১৪৪-