দোষৰ দণ্ড
খোজে, তেনেহলে যে সৰ্ব্বনাশ! তেওঁ প্ৰভাৱতীলৈ লিখা চিঠিবোৰো যে দীনবন্ধুৰ হাতত! সেইবোৰেও তেওঁৰ বিৰুদ্ধে প্ৰমাণ দিব। তেওঁ ভয়ত কঁপিবলৈ ধৰিলে।
দীনবন্ধুৱে কেৰপাইক পঠিয়াই দি শিৱলৈ চাই ক’লে,-“এতিয়া হ’লনে তোক শুদ্ধকৈ বুজা? এতিয়া জেললৈ যাবলৈ সাজু হোৱা মুঠেই।”
শিৱৰ মুখৰ পৰা এটা শব্দও নোলাল, মাথোন বতাহত কল গছ কঁপা দি কঁপিবলৈ ধৰিলে। দীনবন্ধুৱে কবলৈ ধৰিলে,-“শুনা শিৱ, মোৰ কেইষাৰমান কথা তোমাক ক’বলগীয়া আছে। তুমি বিবাহিত; সোণৰ প্ৰতিমাৰ দৰে তোমাৰ ঘৰত পত্নী আছে। বিবাহ-মণ্ডপত দেৱতা- মনুষ্য সকলোকে সাক্ষী কৰি তেওঁক গ্ৰহণ কৰিছিল, অভিম্ন-হৃদয়, অভিন্ন আত্মা বুলি শপত খাইছিলা। কলৈ গ’ল তোমাৰ সেই শপত? কলৈ গ’ল অগ্নি সাক্ষী কৰি উচ্চাৰণ কৰা সেই পবিত্ৰ বেদ-মন্ত্ৰ? তুমি বিশ্বাসঘাতক হৈ পৰৰ কন্যা, পৰৰ স্ত্ৰীৰ সৰ্ব্বনাশ কৰিবলৈ ঘূৰিছা, তাৰ বাবে নানা পাশৱিক ষড়যন্ত্ৰত লিপ্ত হৈছা; তোমাৰ পত্নীয়েও যদি তোমাৰ দৰেই আচৰণ কৰে, তুমি সহ্য কৰিব পাৰিবানে? তেতিয়াই তেওঁক চুলিত ধৰি উলিয়াই নেখেদিবানে? তুমি যেনেকৈ পৰৰ কন্যাৰ সতীত্ব হৰণ কৰিবলৈ দিন-ৰাতি চেষ্টা কৰিছা, ঠিক তেনেকৈয়ে যদি কোনোবাই তোমাৰ পত্নীৰ সতীত্ব হৰণ কৰিব খোজে, তুমি তাক একো নোকোৱাকৈ থাকিব পাৰিব নে? যিটোৰ বাবে তুমি আনক ক্ষমা কৰিব নোৱাৰা, তাৰ বাবে তোক কোনে ক্ষমা কৰিব? সিদিনা শুনিছোঁ, তোমাৰ বিধবা ভনীয়েৰাক ব্যভিচাৰিণী বুলি ঘৰৰ পৰা উলিয়াই খেদিছা, সমাজচ্যুত কৰিছা; তোমাৰ বেলিকা তেনে নীতিৰ ব্যৱহাৰ নকৰা কিয়? তুমি তোমাৰ ভাৰ্য্যা থকাতো ব্যভিচাৰী, আৰু তেওঁ
স্বামীহানা হৈ ব্যভিচাৰিণী। কাৰ দোষ বেচি? মোৰ শেষ উপদেশ
-২৯৫-