পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৮৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিচাৰ দীনবন্ধুৱে নিজৰ বৰ্ণনাত ক'লে,-“অভিযােগৰ কথা মই আংশিকৰূপে স্বীকাৰ কৰ। কিতাপখন মই নিজে লিখা ; ৩৩ ময়েই ৰচক বুলি পৰিচয় দিয়াও আছে। বক্তৃতা দিয়াও সঁচা। কিন্তু কিতাপতেই হওক, নাইবা বক্তৃতাতেই হওক, ক’তত মই বিশেষ ভাবে বাজনীতি আলােচনা কৰা নাই; অর্থনীতিহে মােৰ প্রধান আলােচ্য বিষয়। কিতাপত ৰাজনীতিৰ যি সামান্য আভাস আছে, বক্তৃতাতত তাতকৈ একো বেচি নাছিল ; কিবা যদি বেচি আছিল, সি সমাজ সম্বন্ধীয়। কিতাপৰ যি অংশ পুলিচ কৰ্মচাৰীয়ে আদালতত পঢ়ি শুনাইছে, সেই অংশতত কোনাে দোষৰ কথা বা মিছা কথা আছে বুলি স্বীকাৰ কৰিব নােৱাৰে। মহাৰাণীৰ ঘােষণা পত্ৰ আৰু লর্ড ৱিলিয়ম বেন্টিঙ্কৰ ঘােষণামতে যে বর্তমান গৱৰ্ণমেন্ট শাসনযন্ত্র পৰিচালনা কৰা নাই, সেই কথা সকলােৱে জানে। তেনেস্থলত সেই সত্য কথাকে ক’লে বা লিখিলে যে ৰাজদ্রোহ কৰা হয়, তেনে যুক্তি মােৰ মস্তিষ্কই ধাৰণা কৰিব নােৱাৰে। তাৰ পিচত পৰৰ হাত মুখলৈ নাচাই নিজৰ ভাতকাপােৰ নিজে আজি লবলৈ কোৱাৰ পৰা মাঞ্চেষ্টৰ আঁতীৰ ক্ষতি হলে হ’ব পাৰে, কিন্তু কোনাে যুক্তিমতে সি বাজদ্রোহ হ’ব নােৱাৰে। সেই কাৰণে মই কওঁ- মােৰ জ্ঞান আৰু বিশ্বাস মতে মই সম্পূর্ণ নির্দোষ।” ইয়াৰ পিচত জেৰা আৰম্ভ হ’ল আৰু দীনৱন্ধুৰ সাক্ষী-বাও লােরা হ’ল। কাৰৰ মুখত দীনবন্ধুৰ বৰ্ণনাত দিয়াৰ বাহিৰে আন কথা একেষাৰৰ পােৱা নগ'ল। তাৰ পিচত দুয়াে পক্ষৰ উকীলৰ তর্ক হৈ গ'ল। বিচাৰকে সকল শুনি ৰায় দিলে, দীনবন্ধুৰ এবছৰ সশ্রম কাৰাবাস। আদালতৰ পাচফালে এখন মটৰ গাড়ী সাজু কৰি ৰখা আছিল, ৰায় দিয়া মাত্রেই দীনবন্ধুক তাত তুলি ফাটেকলৈ নিয়া হল।