এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা।
বাটৰুৱাকে বিহ্বল কৰি তুলিছিল। সকলােৱেই পান-ভােজন কৰি কার্ত্তিকচন্দ্ৰক ধন্য ধন্যকৈ শলাগিছিল।
পূৰ্ব্বৰ বন্দৱস্ত মতেই লক্ষ্ণৌৰ পৰা বাইজী অনা হৈছিল। বাইজীৰ গানত কার্ত্তিকচন্দ্ৰই নিজকে পাহৰি গৈছিল; তেওঁৰ সঙ্গীদলৰো সমবেদনা বা সমউত্তেজনা যে হােৱা নাছিল, তাকেই বা কোনে শপত খাই কয় । মুঠতে পূজাৰ কেইদিনত পার্থিবভাবে পঞ্চমকাৰ সাধনাত তেওঁলােকৰ সম্পূর্ণ সিদ্ধিলাভ ঘটিছিল।
দশমীৰ দিনা দেৱীয়ে বিদায় ললে, কিন্তু বাইজীৰ বিদায় একাদশীৰ দিনা হে হ’ল। এই পূজাৰ পৰা কাৰবাৰ কিবা ঐহিক, পাৰত্রিক উন্নতি হ’ল নে নহ’ল ক’ব নােৱাৰোঁ; কিন্তু কার্ত্তিকচন্দ্ৰৰ যে প্রায় দুহেজাৰ টকা চিৰদিনৰ নিমিত্তে গ’ল, তাক হ'লে নিঃসন্দেহে কৰ
পাৰোঁ।
⸻
-১৪০-