পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা। যেন কোনাে প্রকাৰ অশান্তি-উপদ্ৰৱত হাত নিদিয়ে, এয়ে মােৰ আপােনালােকৰ ওচৰত বিনীত গােহাৰি। ৰাইজৰ ভৰিৰ ধুলি দীনবন্ধু এই জাননীখন লিখাতে থাকিল ; ৰাইজৰ হাতত দিবলৈ দীনবন্ধুৱে সময় কৰিব নােৱাৰিলে। সেই কাৰণে বিচাৰৰ দিনা তেওঁ উমাকান্তৰ হাতত যথাবিহিত কৰিবলৈ দিলে। ঠিক এঘাৰ বজাত উমাকান্ত আৰু আন মানুহ জনচেৰেকৰে সৈতে দীনবন্ধু আদালতত উপস্থিত হ’ল। দীনবন্ধুক দেখামাত্রেই সমবেত নমণ্ডলীয়ে জয়ধ্বনি কৰি উঠিল। দীনবন্ধুৱে সকলােকে নীৰৱ ইবলৈ অনুৰােধ কৰিলে। বিচাৰ উপলক্ষে এক ফৌজ গুখ অনা হৈছিল; বৰ চাহাবৰ আদেশমতে কোনাে মানুহ আদালতৰ ভিতৰলৈ সােমাব নােৱৰাকৈ ইহঁতে পহৰা দিলে। বিচাৰ আৰম্ভ হ'ল। পুলিচ কৰ্মচাৰীয়ে দীনবন্ধুৰ বিৰুদ্ধে ওপৰত কৈ অহা অভিযােগ থিয় কৰিলে। গকুলচন্দ্র, লক্ষ্মীকান্ত আৰু ভূতনাথ পুলিচৰ ফলীয়া সাক্ষী হৈ ক'লে যে সেই “জাতীয় সমস্যা আৰু ৰাইজৰ কৰ্তব্য” নামৰ কিতাপখন দীনবন্ধুৰ বুলি তেওঁলােকে জানে, আৰু কিতাপৰ ওপৰত তেৱেঁই লিখক বুলি দিয়াও আছে। তাৰ উপৰি তেওঁলােকে দীনবন্ধুৰ বক্তৃতা বহুত ঠাইত শুনিছে; তাত কিতাপত লিখা কথাৰ উপৰিও ৰাজদ্রোহসূচক বহুত কথা শুনিবলৈ পাইছিল, গৱৰ্ণমেণ্টক ধ্বংস কৰি স্বাধীন হবলৈ মানুহবিলাকক উচটোৱা দেখিছিল। | বাদী পক্ষৰ পৰীক্ষাৰ পাচত দীনবন্ধু ৰাজদ্রোহ অপৰাধৰ বাৰে সংশােধিত ফৌজদাৰী আইনৰ ১২৪ ধাৰাত অভিযুক্ত কৰা হ'ল। • ৩৮-