পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

‘ফটো’ তোলাৰ কথা উত্থাপন কৰিছিল। পিচত এই কথা তেওঁ এদিনো পাহৰা নাছিল। এনেকৈ কওঁতে কওঁতে শেহত প্ৰভা ‘ফটো’ তোলাবলৈ মান্তি হয়। ৰম্ভাই ফটো তুলিবৰ নিমিত্তে মহেশ্চন্দ্ৰক মাতি পঠিয়ায়। ‘ফটো’ স্কুলতে তোলা হৈছিল, — এখন প্ৰভাৰ, এখন ৰম্ভা আৰু প্ৰভাৰ, আৰু এখন ছাত্ৰীৰে সৈতে প্ৰভাৰ।

 ইয়াৰ পিচত আজি ‘ফটো’ৰ আৰ্হি দেখুৱাবলৈ, কালিলৈ কেনে “বৰ্ডাৰ” দিব তাক সুধিবলৈ — এই অনুক্ৰমে মহেশ্চন্দ্ৰ প্ৰভাৰ ঘৰলৈ আহিবলৈ ধৰিলে। শেহত ‘ফটো’ৰ কথা এৰি আন কথা-বতৰা পাতি সময় কটাবলৈকো সুবিধা কৰি ললে। প্ৰথমেই এদিন এনেকৈ আৰম্ভ কৰিলে, — “স্কুলত চিত্ৰ আঁকিবলৈকো শিকাব লাগিব নহয়, আপুনি জানো চিত্ৰাঙ্কণ জানে?”

 প্ৰভা — মই যি অলপ-অচৰপ জানো তাকেই শিকাব লাগিব।

 মহেশ — যদি কেতিয়াবা কিবা টান পায়, মোক জানিবলৈ দিব, মই আপোক সাহায্য কৰিবলৈ পালে সুখী হ’ম।

 প্ৰভা — বাৰু যদি কেতিয়াবা তেনে আৱশ্যক হয় তেতিয়া জনোৱা যাব।

 মহেশ — স্কুলত সঙ্গীতো শিকাব লাগিব নহয়; বোধকৰোঁ আপুনি গান বাজনা ভালকৈ জানে।

 প্ৰভা — ভালকৈ জানো বুলি ক’ব নোৱাৰোঁ; তেও দুই এটা গান আৰু গত শিকাব পাৰিম।

 মহেশ — ইয়াতো আপোনাৰ আৱশ্যক হলে মই সাহায্য কৰিব পাৰিম। চাও বাৰু আপোনাৰ হাৰ্ম্মোনিয়মটো আনকচোন।

 প্ৰভাই হাৰ্ম্মোনিয়মটো আনি দিলে। মহেশে এটা গত বজালে। তাৰ পিচত বাদ্যৰ লগত সুৰ মিলাই গাবলৈ ধৰিলে, —

— ৯২ —