পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অষ্টাদশ অধ্যায় অভিসাৰ সেই দিনা গােটই দিনটো অপেক্ষা কৰিও দীনবন্ধুৱে প্ৰভাৱতীৰ পৰা কোনাে উত্তৰ নাপালে। প্ৰভাৱতীক নিলগৰ পৰা আন দিনতকৈ ম্ভীৰ আৰু চিকুলা দেখা গৈছিল। দীনবন্ধুৱে প্ৰভাৰ মতিগতি একো বুজিব নােৱাবি চিন্তাকুল চিত্তেৰে দিনটো কটালে, কিন্তু প্রভাৰ প। এটা আখৰৰ নাহিল। লাহে লাহে ৰাতি ডেৰপৰমান হ’ল , দীনবন্ধু খাই-বৈ উঠি পাটীত পৰিল, তথাপি প্রভাৰ কোনাে উত্তৰ হল। তেওঁ ভাৰিলে কিজানি প্রভাই তেওঁক স্বামীগ্ৰহণ কৰিব নােখােজে, অথচ তেওঁ বেয়া পাই বুলি ভাঙি কবলৈ সহ কৰা নাই ; সেই কাৰণেই বাহিৰা কাৰণ দেখুৱাই আপত্তি জনাইছিল। এতিয়া তেওঁ সেই আপত্তি অগ্রাহ্য কৰাত নিৰুপায়ত পৰি আৰু প্রকৃত মনােভাব ফুটাই ক’বলৈ লাজ কৰি মনে মনে আছে। সি যি হওক, তেওঁ সেই বিষয়ে একো স্থিৰ সিদ্ধান্ত কৰিব নােৱাৰিলে। এইদৰে চিন্তাৰ সোঁতত উটি-বুৰি ফুৰোতে তেওঁৰ কোনমতেই টোপনি নাহিল। তেতিয়া তেওঁ শােৱাৰ পৰা উঠি লিখা-পঢ়া কৰা খােটালিলৈ গ'ল; লেম্পটো লগাই ল'লে আৰু তাৰ পাচত ‘ডুৱাৰৰ পৰা তেওঁৰ কবিতাৰ বহীখন উলিয়াই লিখিবলৈ ধৰিলে :- নালাগে সাদৰি, তুমি ভাল পাৰ মােক, মাথাে মােক পাবলৈ দিয়া; নালাগে তােমাৰ মােক একো প্রতিদান, লােৱা যদি দান মােৰ হিয়া।