পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰম্ভাৱতী

হ’ব লগা একো নাথাকিব পাৰে, কিন্তু তুমিও যে আন তিৰুতাৰ গাত দুশ্চৰিত্ৰৰ চেঁকা দেখা, তাত হ’লে মই আচৰিত নহৈ নোৱাৰোঁ।”

 ৰম্ভাৰ মুখ বিবৰ্ণ হল। তেনেহলে দীনবন্ধুৱে তেওঁৰ সকলো কথা জানে নেকি? হতাশাৰ সুৰেৰে ক’লে, — “মই বহুত দিনৰ পৰা আশা কৰিছিলোঁ বোলো এখন স্কুল হাতত পালে, তাতেই মোৰ গোটেই জীৱন কটাম, স্ত্ৰীশিক্ষাৰ প্ৰচাৰৰ নিমিত্তেই এই জীৱন উচৰ্গা কৰিম। কিন্তু মানুহে পাঙে, ঈশ্বৰে ভাঙে। মোৰ আশা আৰু পূৰ নহ’ল।

 দীন — তোমাৰ বিষয়ে ময়ো যে কম ভাবিছিলোঁ, এনে নহয়। দুবছৰৰ আগেয়েই মই তোমাক লৈ এখন পঢ়াশালি পাতিম বুলি ভাবিছিলোঁ। যদিও তোমাৰ লগত মোৰ পৰিচয়েই নাছিল, তথাপি, তোমাৰ দ্বাৰা এই কাৰ্য্য হৈ উঠিব বুলি মোৰ বিশ্বাস আছিল। পিচত তোমাৰ সম্পৰ্কে সকলো তত্ত্ব লৈ জানিব পাৰিলোঁ যে তুমি মোৰ আদৰ্শমতে পঢ়াশালি চলাবলৈ সমৰ্থ হ’ব নোৱাৰা। বৰং তোমাৰ নিজৰ আৰু ৰাইজৰ মঙ্গলৰ বাবে তোমাক তেনে অনুষ্ঠানৰ পৰা আঁতৰাই ৰখাহে উচিত বিবেচনা কৰিলোঁ। সেই কাৰণেই মোৰ সকলো আয়োজন স্থগিত থাকিল।

 ৰম্ভা — আপুনি অকল মোৰ শত্ৰুৰ কথা শুনিয়েই বোধকৰোঁ তেনে কৰিলে। অন্ততঃ মোক এবাৰ সুধি চাব পাৰিলেহেঁতেন।

 দীন — তাৰ আৱশ্যক নহল। মই মোৰ কৰ্ত্তব্য বুজোঁ। তুমিও বোধকৰোঁ জানা যে মই বিনা প্ৰমাণে কাৰো বিৰুদ্ধে কোনো কথা গ্ৰহণ কৰিবলৈ সাজু নহওঁ।

 ৰম্ভা — আপুনিনো তেতিয়া মোৰ অনুপযুক্ততাৰ কি প্ৰমাণ পাইছিল?

 দীন — সেইবোৰ কথা কৈ তোমাক মনোকষ্ট দিয়াৰ মোৰ ইচ্ছা নাই।

— ৪৫ —