সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰেমৰ অঞ্জলি



 এই বুলি জ্ঞানেন্দ্ৰই এটা গ্ৰামোফোন কিছুমান ৰেকৰ্ডৰে সৈতে ৰম্ভাৰ ওচৰত হাজিৰ কৰিলে, ৰম্ভাৰ অন্তৰ আনন্দত আপ্লুত হ’ল; জ্ঞানেন্দ্ৰৰ প্ৰতি তেওঁৰ প্ৰেমৰ প্ৰবাহ দুগুণ বেগেৰে ববলৈ ধৰিলে।

 গ্ৰামোফোনত ইখনৰ পিচত সিখনকৈ কেইবাখনো ৰেকৰ্ড স্থাপন কৰিলে; অদৃশ্য গায়ক-গায়িকাৰ কেইবাটাও প্ৰেম-সঙ্গীত শুনিলে। ৰম্ভাৰ বুকুত প্ৰেমৰ ৰস উতলিবলৈ ধৰিলে। যেতিয়া “বহুদূৰ হ’তে এসেছি বধু” ইত্যাদি গানটো শুনিলে তেতিয়া তেওঁ এনে তদ্গতপ্ৰাণা হৈ পৰিছিল যে জ্ঞানেন্দ্ৰৰ বাহুবেষ্টনত হে প্ৰকৃতিস্থ হ’ব পাৰিছিল।

 কেইবাটাও গান হৈ যোৱাৰ পিচত জ্ঞানেন্দ্ৰই ক’লে,-“এইবোৰ কি গান! তোমাৰ গানৰ লগত জানো এইবোৰৰ তুলনা হয়! মই এদিন মাত্ৰ শুনিয়েই, আনকি, টোপনিতো তাৰেই হে সপোন দেখিছোঁ। ইমান ৰূপ-গুণ, এনে মৌ-সনা সুৰ, এনে মধুৰ হাঁহি, এনে চকুৰ পাক একেলগে মিলাই তোক গঢ়োঁতে বিধাতাৰ নিশ্চয় কম কষ্ট হোৱা নাছিল।”

 জ্ঞানেন্দ্ৰৰ প্ৰশংসাত ৰম্ভাৱতীৰ বুকু আনন্দত স্ফীত হৈ উঠিল, জ্ঞানেন্দ্ৰৰ প্ৰতি তেওঁৰ প্ৰেমৰ প্ৰবাহ আগতকৈও দ্ৰুত গতিৰে চলিবলৈ ধৰিলে।

 শুনা যায়, তিৰুতাই কেনেকৈ পৰৰ শলাগ পাব, সততে সেই চিন্তাত কাল কটায়। কি সাজ-পাৰত, কি অলঙ্কাৰত, কি আত্মকাহিনীত —সকলো বিষয়তে সকলো সময়তে কেনেকৈ নিজক আনৰ ওপৰত ৰাখিব, কেনেকৈ আনৰ প্ৰশংসাভাজন হ’ব, এয়ে তিৰুতাৰ ঘাই চেষ্টা। এই প্ৰশংসাৰ লোভতেই কেতিয়াবা প্ৰবঞ্চকৰ ওচৰত প্ৰতাৰিতও হয়। দহ জনক মুগ্ধ কৰি ৰং চাবলৈ যাওঁতেই বহুতো তিৰুতাৰ পতন ঘটে।

ধূৰ্ত্ত প্ৰতাৰকে ৰমণীক হাত কৰিবলৈ মিছা প্ৰশংসাৰ সৰ্ব্বঢাক মন্ত্ৰ

-২৮১-