বিবাহ প্ৰাৰ্থী
ৰমণীয়ে তেতিয়া তেনে নিয়মৰ বিৰুদ্ধে বহুতো যুক্তি দেখুৱাই
ক’লে,—“মোৰ মতে এনে নিয়ম পালন কৰাত নিজৰ হীনতা প্ৰকাশ
কৰা হয়। যদি স্কুলৰ নিয়ম এনেকুৱাই হয়, তেন্তে তুমি ইয়াত আৰু
এক মুহূৰ্ত্তও থকা উচিত নহয়। স্কুলৰ কাৰ্য্যত স্কুলৰ নিয়ম মানিব
পাৰি, কিন্তু ঘৰুৱা জীৱনত নিজৰ স্বাধীনতাৰ ওপৰত হাত দিবলৈ
দিয়াতকৈ হীনতা স্বীকাৰ আৰু একোতে হ’ব নোৱাৰে। মই তোমাক
এদিনলৈকো এনে শাসনৰ তলতীয়া হৈ থাকিবলৈ দিব নোৱাৰোঁ।
তুমি মোৰ লগতে কলিকতালৈ ওলোৱাঁ, মই সকলো খৰচ দিম।
মোৰ লগত তোমাৰ বিয়া হওক বা নহওক, তোমাক এনে সমাজৰ
হাতৰ পৰা ৰক্ষা কৰা মোৰ কৰ্ত্তব্য বুলি ভাবোঁ। এই লোৱাঁ তোমাৰ
খৰচৰ বাবে ৫০০্ টকা দিলোঁ। ইয়াৰ পিচত যেতিয়াই যি আৱশ্যক
হয়, মোৰ পৰা পাই থাকিবা। আন কি, যদি তোমাৰ আনৰ লগতো
বিয়া হয়, তেনেহলেও তুমি নালাগে বুলি নোকোৱালৈকে তোমাৰ
সকলো খৰচ যোগাবলৈ গাত ললোঁ।” এই বুলি কৈ ৰমণীয়ে পাঁচ-শ
টকাৰ নোট প্ৰভাৱতীলৈ আগ বঢ়াই ধৰিলে।
প্ৰভাৱতী টকা লবলৈ অসম্মত হ’ল। তেওঁ ধীৰে ধীৰে ক’লে, —“কোনো কাৰণ বশতঃ মই দুমাহৰ ভিতৰত তেনে একো কৰিব নোখোজোঁ। যদি তাৰ পিচত কিবা কৰিব লগা হয়, জানিবলৈ দিম।
প্ৰভাৱতীক কোনোমতে সম্মত কৰাব নোৱাৰি ৰমণীয়ে ক’ল, —“বাৰু তোমাৰ যি ইচ্ছা তাকে কৰা, কিন্তু মই আজিৰ ৰাতিটো ইয়াতে নাথাকিলে ক’লৈ যাম? কালিলৈহে জাহাজ পোৱা যাব।”
প্ৰভা—মই যে আপোনাক এটা ৰাতিৰ নিমিত্তেও ঠাই দিব
নোৱাৰোঁ, সেই বাবে লজ্জিত হৈছোঁ; কিন্তু কি কৰিম। স্কুলত
-১৭৯-