পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা হােৱাটো প্রতিপন্ন হয়, তেনেকৈয়ে অৱস্থাভেদে জাতৰ উঠা-নমও স্থিৰ হয়। সেই দেখিয়েই আমি পঢ়িবলৈ পাও :- ব্ৰহ্মতত্ত্বং ন জানাতি ব্ৰহ্মসূত্ৰেণ গর্বিত। তেনৈৱ চ স পাপেন বিপ্রঃ পশুৰুদাহৃতঃ। অর্থাৎ ব্ৰহ্মতত্ত্ব নজনাকৈ যি বিপ্র ব্রহ্মসূত্র ধাৰণ কৰি গৰ্বিত হয়, তেওঁ সেই পাপৰ বাবে পশু নাম পায়। আকৌ :- জন্মনা জায়তে শূদ্ৰঃ সংস্কাৰাদুচ্যতে দ্বিজঃ। ৱেদাভ্যাসাগুৱেদ্বিপ্ৰাে ব্ৰহ্ম জানাতি ব্রাহ্মণঃ । অর্থাৎ মানুহ জম্মত শূদ্র, সংস্কাৰ হলে দ্বিজ, বেদ পঢ়িলে বিপ্ৰ আৰু ব্ৰহ্মক জানিলে ব্রাহ্মণ হয়। পূৰ্বকালত যে জাত জন্মগত নহৈ কৰ্ম্মগতহে আছিল, তাৰ ভূৰি ভূৰি উদাহৰণ বেদ-ব্রাহ্মণাদিৰ পৰা আৰম্ভ কৰি পুৰাণ-ইতিহাসলৈকে সকলাে গ্ৰন্থত পােৱা যায়, সেই আটাইবােৰ ইয়াত উল্লেখ কৰা নিষ্প্রয়ােজন ভাবি ইমানতে এৰিলোঁ। যদি এনে বর্ণ-বিভাগত তােমাৰ বিশ্বাস আছে, তেন্তে তােমাৰ আৰু মােৰ জাত বেলেগ হ’ব নােৱাৰে; কাৰণ আমাৰ দুয়ােৰে ভাৱ-চিন্তা, উদ্দেশ্য-অভিলাষ, ধর্ম-কৰ্ম্ম একে ধৰণৰ, তেনেস্থলত আমাৰ জাত বেলেগ বুলি মানিবলৈ মই প্রস্তুত নহওঁ। যদি তুমি জন্মগত জাত বিশ্বাস কৰা তেন্তে মােৰ বিশেষ ক’বলৈ একো নাই; কিন্তু তেতিয়াও আমাৰ বিবাহ সমর্থন কৰা স্মৃতি-বচনৰ অভাৱ নহয়। মনুসংহিতা মেলিলেই পাৰা:- শ্ৰদ্ধানঃ শুভাং ৱিদ্যামাদদীতাৱৰাদপি। অন্যাদপি পৰং ধর্মং স্ত্রীৰত্নং দুষ্টুলাদপি।