তপেশ্বৰ — কি কৰিবি! তহঁতৰ নিচিনা অৱস্থা হোৱা হলে দেখিলিহেঁতেন, ইমান দিনে ৰায় বাহাদুৰ হলোঁহেঁতেন।
“বাৰু মই ভিতৰৰ পৰা আহোঁ” — এই বুলি ধোঁৱাখোৱাটো তপেশ্বৰৰ হাতত দি কাতিৰাম ভিতৰলৈ গ’ল। অলপ পিচতে হাতত তামোলৰ বটাটো লৈ কাতিৰামৰ মাক ওলাই আহিল আৰু তপেশ্বৰক তামোল এখন দি সুধিলে, — “কলৈ নো আহিছিলি বোপাই!
তপেশ্বৰ — এনেয়ে হে আহিলোঁ। কিয় আহিবলৈ নিদিয়ে জানো?
কাতিৰ মাক — ঔ আই! কিয়নো আহিবলৈ নিদিম, বোপাই? তই জানো কিবা আমাৰ ভাগৰ ভাত কাঢ়ি খাইছ?
তপেশ্বৰ — মই ধেমালি হে কৰিছো; বেয়া নাপাব আকৌ। মই আজৰি পালে এনেকৈ ভূ-বতৰা লৈয়েই থাকোঁ।
কাতিৰ মাক — ভাল কৰ বোপাই। ভায়েকৰ তহঁতেই বুধি-ভৰসা দি নচলালে নো কোনে চলাব! তাৰ নো কি গিয়ান হৈছে!
তপেশ্বৰ — সেইটো আৰু ক’ব লাগিছে নে?
এনেতে ভিতৰৰ পৰা তিৰুতাৰ মাত শুনা গল, — “আই, চাহটোপা নিয়কহি।”
মাক উঠি গ’ল আৰু দুটা বান-বাটিত দুবাটি চাহ-পানী আনি এবাটি তপেশ্বৰক দিলে আৰু এবাটি পুতেকলৈ থলে। এনেতে সাজ-পাৰ পিন্ধি কাতিৰাম ওলাই আহিল। অলপ সময়ৰ ভিতৰতে চাহটোপা খাই তামোল ধঁপাতেৰে মুহুদি কৰি কাতিৰাম তপেশ্বৰৰ লগত ওলাই গ’ল।
কাতিৰাম ফেকেন্দাই কোচৰ একমাত্ৰ পুত্ৰ। ফেকেন্দাই বৰ পৰিশ্ৰমী আৰু অধ্যৱসায়শীল আছিল; সেই কাৰণেই নিতান্ত নিৰক্ষৰ মানুহ হৈও অক্লান্ত পৰিশ্ৰম আৰু ব্যৱসায়-বুদ্ধিৰ বলত নিঃকিন