পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা বিষয়ৰ আলােচনা কৰি কোনাে সিদ্ধান্তত ওলাব নােৱাৰিলে প্রভা এই খােটালিত সােমাই কিছু সময় নীৰৱে থাকে, আৰু ওলাই আহি এটা মত প্ৰকাশ কৰি দিয়ে। উষাই ইয়াৰ ৰহস্য আজিলৈকে ভেদ কৰি পৰা নাই ; সুধিলেও প্রভাই একো নকয়। এদিন কথা-প্রসঙ্গত উষাই ক'লে,-“বাইদেউ, মই এটা কথা সদায় ভাৱো, মই যদি মই নহৈ তুমি হলোঁহেঁতেন। | প্রভা—কিয় তুমি তেনে আকাঙ্ক্ষা কৰা উষা? মােৰ দৰে হােৱাৰ পৰা ঈশ্বৰে তােমাক ৰক্ষা কৰক। উষা—কিয় ? তােমাৰ দৰে ভাগ্যৱতী কোন আছে ? প্রভাসঁচা আজি মই ভাগ্যৱতী, কিন্তু দুর্ভাগ্যৰ তুমুল সংগ্ৰামত জৰ্জৰিত হৈহে এই সৌভাগ্যৰ আলােক পাইছো। এই আলােক দয়া কৰি দেৱতাই দিয়া। উষা—যি দেৱতাৰ অনুগ্রহ লাভ কৰিব পাৰে, তেওঁতকৈ আৰু কোন ভাগ্যৱতী আছে! প্রভা—মই মােৰ অতীত দুর্ভাগ্যৰ কথা সুৱৰিহে তােমাক তার পৰা ৰক্ষা কৰাৰ কথা কৈছিলো। সেই দুর্ভাগ্যৰ কাৰণেই আজিৎ দেৱতাৰ চৰণত মই এই পার্থিব কুসুমৰ অঞ্জলি দিবলৈ সাহ কৰ নাই। দেৱতা নিজগুণে সন্তুষ্ট বুলিয়েইহে আজি মই তােমাৰ ঈৰ্ষাৰ পাত্রী হ’ব পাৰিছোঁ। উষা—মােৰ প্ৰতি দেৱতা বিমুখ কিয়? প্রভা-তােমাৰ আহ্বান তেওঁৰ কাণত পৰা নাই। উষা কেনেকৈ মাতিলে তেওঁ শুনে মােক শিকাই দিয়া। প্রভা—শিকিব পাৰিবা। ঊষা—দেৱতাৰ তুষ্টিৰ অৰ্থে এনে কোনাে কাম নাই যিটো মই কৰিব নােৱাৰে।