নালাগে মােলৈ চাব বেৰ জুমি জুমি,
ধৰা পৰি ৰঙা-চঙা হ’ই ;
নয়ন-ভৃঙ্গক মােৰ পিবলৈ দিয়াঁ,
ৰূপ-সুধা পৰিছে যি বই।
নালাগে মাতিব মােক সুৱলা মাতেৰে,
মােৰ কথা নালাগে শুনিব ;
শুনাে যদি এটি কথা তােমাৰ মুখৰ
সেয়ে মােৰ হৃদয় জুৰিব।
নালাগে ওচৰ চাপি বাহুৰে মেৰাই,
হিয়া মােৰ কঁপাই তুলিব ;
এবাৰ মাৰিলে এটি মিচিকিয়া হাঁহি,
তাতে লাখ গােলাপ ফুলিব।
নালাগে দুখত মােৰ কোমল প্রতিমা,
দুখী হৈ পৰি যাব জঁয় ;
দিয়া মাথোঁ দয়া কৰি ভগা হিয়া মােৰ
তােমাতেই যাবলৈ লয়।
কবিতাটো লিখা শেষ হ’লত তেওঁ বহীখন আকৌ আগৰ ঠাইত থৈ শুবলৈ আহিল। পাটীত পৰি লেম্পটো নুমুৱাবলৈ ধৰিছে মাথােন, এনেতে দুৱাৰখন লৰাৰ শব্দ উঠিল। তেওঁ অলপ বেলি কাণ ওনাই শুনি বতাহত লৰিছে বুলি স্থিৰ কৰিলে। কিন্তু লেম্পটো নুমুৱাবলৈ নৌ পাওঁতেই আকৌ আগৰ দৰে শব্দ শুনা গ’ল। তেওঁ পাটীৰ পৰা উঠি মাত লগালে,—“কোন?”
কিন্তু সকলো নীৰৱ। জিলিৰ মাতৰ বাহিৰে ক’তাে কাৰো সাৰ-সঁহাৰি নাই। একোৰে গম নাপাই দীনবন্ধু আকৌ পাটীত পৰিল।