পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অপৰিচিত

দিবলৈ বিদ্যালয় পতাৰ পৰা লাভ নহৈ লোকচান হোৱাৰেই সম্ভাৱনা বেচি। যেতিয়ালৈকে লৰা-ছোৱালী আত্ম-সংযমত অভ্যস্ত নহয়, তেতিয়ালৈকে চোকা অভিভাবকৰ শাসনৰ তলত থকাৰ আৱশ্যক। বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰী কি সাজপাৰত, কি ভাব-প্ৰবণতাত, কি আলাপ-প্ৰলাপত — সকলোতে সংযত আৰু আদৰ্শ হোৱা উচিত, বিশেষকৈ লৰাতকৈও ছোৱালীৰ শিক্ষাত বেচি সতৰ্ক হোৱাৰ প্ৰয়োজন। কাৰণ পৰিয়ালৰ উন্নতি, দেশৰ উন্নতি সকলো তিৰুতাৰ সুশিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে। এই বিষয়ে মই বহলাই কব নোখোজোঁ, আপুনি মোৰ প্ৰবন্ধটো পঢ়িছে যেতিয়া, মোৰ মতামত ভালকৈ বুজিব পাৰিছে। সেই দেখিয়েই উপযুক্ত শিক্ষয়িত্ৰীৰ অভাৱত ইমান দিনলৈকে মই চেষ্টা কৰা নাছিলোঁ। আজি আপোনাৰ চিঠি পঢ়ি মোৰ আশা হৈছে, যদি আপুনি তাত লিখা মতেই কাৰ্য্য কৰিব পাৰে, তেনেহলে আপোনাৰ দ্বাৰাই নিশ্চয় এই অভাৱ-পূৰ্ণ হ’ব। যি হওক, এই কাৰ্য্য আৰু বেচি দিন পেলাই থোৱা উচিত নহয়; সেই কাৰণে দুই-এদিনতে মই বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰিম। কিন্তু এটা কথা আপোনাক কৈ থওঁ যে বিদ্যালয় স্থাপন হলেও শিক্ষয়িত্ৰী কিছুমান বন্ধা-ধৰা নিয়মৰ তলীয়া হ’ব লাগিব আৰু তাৰ ব্যতিক্ৰম নঘটাকৈ চলিব পাৰিলেহে স্থায়ীভাবে থাকিব পাৰিব। সেই নিয়ম-প্ৰণালীবোৰৰ এখন আৰ্হি পাৰিলে আজিয়েই, নহলেও কালিলৈ পুৱা আপোনালৈ পঠিয়াম।

 আপুনি মোৰ ঘৰলৈ আহিব নালাগে আৰু ময়ো আপোনাৰ ঘৰলৈ যাব নোৱাৰিম। কিবা ক’ব লগা থাকিলে লিখি পঠিয়াব। ইতি।

বিনীত
শ্ৰীদীনবন্ধু।

 লিখা হ’লত চিঠিখন সামৰি এটা খামত ভৰাই দীনবন্ধুৱে

— ৩৭ —