পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাধনা

আধ্যাত্মিক প্ৰেমৰ প্ৰবাহ, সেই কাৰণেই বেচি ভাল লাগিছে। গানটো কোনোবা কাকতত পোৱা যেন পাইছিলোঁ। ইয়াৰ ৰচক কোন?

 এই প্ৰশ্নটোত মহেশ বিষণ্ণ হল। প্ৰভাই গায়কক ধন্যবাদ নিদি ৰচকক হে দিলে। তেওঁ অলপ চিন্তা কৰি ক’লে, — “তেহেলেই যেয়ে লিখক, ভালকৈ গাব জানিলে যেই সেই গানেই ভাল লাগে। নহয় জানো?”

 প্ৰভাই ক’লে, — “হওঁতে সেইটো হয়।”

 মহেশ — অনুগ্ৰহ কৰি আপোনাৰ গান এটা শুনাব জানো?

 প্ৰভা — এতিয়া সময় নাই আৰু মই ভালকৈ নাজানোও; সেই কাৰণে ক্ষমা কৰিব।

 মহেশ — বুজিছোঁ, আপুনি মোৰ আগত গান গাবলৈ লাজ কৰিছে; কিন্তু আপোনাৰ নিচিনা শিক্ষিতা মহিলাৰ এনে দুৰ্ব্বলতা থকা নিতান্ত অনুচিত। যাৰ মন পবিত্ৰ, সি সকলোতে পবিত্ৰতা দেখিবলৈ পায়।

 প্ৰভাই সঁচাকৈয়ে গান গাবলৈ লাজ কৰিছিল; কিন্তু মহেশৰ কথা শুনি দুৰ্ব্বলতা প্ৰকাশ হোৱাৰ ভয়ত অগত্যা হাৰ্ম্মোনিয়মটো লৈ গীত ধৰিলে :—

অনিত্য জীৱন, অনিত্য যৌৱন,
 মায়াৰ মোহিনী ছলনা।
ত্যাগ অমৰত্ব, মানৱ-মহত্ত্ব,
 ত্যাগতে স্বৰগ-সাধনা।
 নাৰকী গুৰুৰ শুনি ফুচুলনি,
 তেও ডুবে জীৱ ভৱিষ্য নুগুণি;
ভব-জলধিত মজে বান্ধি লই
 গলত বিষয়-বাসনা।

— ৯৪ —