পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩০৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা দীন—এতিয়াই নাযাওঁ। পিচত যদি আৱশ্যক নােহােৱা যেন দেখো, তেতিয়া যাম। ইয়াৰ পিচত দীনবন্ধুৰ উপদেশ মতে উষাই গাখীৰ লৈ আহিল। উষাক চুচুক-চামাক কৰা দেখি, আৰু প্ৰভায়াে অলপ লাজ কৰা যেন অনুমান কৰি, দীনবন্ধু বহাৰ পৰা উঠিল আৰু প্ৰভাক গাখীৰ খাবলৈ কৈ খােটালিটোৰ ইটো মূৰত থিয় দি ডাক্তৰৰ ব্যৱস্থাখন চাবলৈ ধৰিলে। প্ৰভাৰ খােৱা হ’লত তেওঁ উষালৈ চাই ক'লে,-“মই শুনিছো তুমি বােলে কালিও শােৱা নাই। এতিয়া মই নৰিয়াৰ ওচৰত থাকে, তুমি অলপ শুই লােৱা।” উষা ধীৰে ধীৰে আঁতৰ হ’ল ; দীনবন্ধু প্ৰভাৱতীৰ ওচৰত বহিল। একোবাৰ প্ৰভাৱতীৰ হাতটো নিজৰ হাতত লৈ, একোবাৰ কপালত হাত ফুৰাই আৰু মূৰত বিচনীৰে বিচি দীনবন্ধুৱে বহুততা সময় কটালে। এনেকৈ থাকোতে থাকোতেই প্ৰভাৱতীৰ টোপনি আহিল। তেতিয়া ৰাতি প্রায় তিনি বাজিছিল। দীনবন্ধুৱে তাত থকাৰ আৰু বিশেষ আৱশ্যকতা নেদেখি ঘৰলৈ যাবলৈ মন কৰিলে, কিন্তু ৰােগিণীৰ ওচৰত থৈ যায় কাক। তেওঁ প্ৰভাৰ ভায়েকটোক মাতিলে, কিন্তু তাৰ টোপনি নাভাগিল। উষাৰ টোপনি অহা নাছিল। যদিও তেওঁ পাটীত পৰিছিল, তথাপি কিবা ভাবনাত তেওঁৰ মন-প্রাণ ডুবি আছিল। এতিয়া দীনবন্ধুৰ মাত শুনি কিবা প্রয়ােজন আছে বুলি উঠি আহিল, আৰু দুৱাৰ-দলিত থিয় দিলে। দীনবন্ধুৰৰ উষাক মতাহে আচলতে উদ্দেশ্য আছিল, উষায়গা সেইটো বুজিছিল। উষাক দেখি দীনবন্ধুৱে মাতিলে,-“উষা।” উষাৰ গােটেই শৰীৰ কঁপি উঠিল, যেন কিবা এটা তড়িৎপ্রবাহ শিৰে শিৰে বৈ গ’ল। তেওঁ মাতিব নােৱাৰিলে, থৰকৰক খােজেৰে আগ বাঢ়ি আহিল। দীনবন্ধুৱে কলে,-“উষা, প্রভাৰ এতিয়া টোপনি