পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গ্রেপ্তা দীন—কিন্তু প্ৰভাৱতীৰ সৰ্ব্বনাশ সাধনৰ চেষ্টাতাে কৰিছিল। আৰু তেনেকৈ কিমানৰ ওপৰত অত্যাচাৰ কৰিব তাক কোনে জানে ? শান্তি পালে আগলৈ মনত থাকিব। জ্ঞান—মই প্রতিজ্ঞা কৰিছে–আগলৈ আৰু কেতিয়াও তেনে কাম নকৰো। দীন—যদি প্রতিজ্ঞা নয়? জ্ঞান—তেতিয়া আপােনাৰ যি ইচ্ছা তাকে কৰিব। দীন-বাৰু সম্প্রতি মই আপােনাৰ কথাৰ ওপৰতে নিৰ্ভৰ কৰিলোঁ। কিন্তু চাহাবৰ আগত সকলাে কম। জ্ঞান—তেতিয়া হলে চাহাবে মােক শুদাই নেৰে। দীন—আপুনি আপােনাৰ প্ৰতিজ্ঞামতে কাম কৰিলে আপােনা কোনাে অমঙ্গল নহয়। ইয়াৰ বাহিৰে আন কোন প্রতিশ্রুতি দিবলৈ মই সাজু নহওঁ। এই দৰে কৈয়েই দিনবন্ধু ভিতৰলৈ সােমাই গ'ল ; চাহাবক ক'লে,- “আপােনাক এনেকৈ এৰি যােৱাৰ বাবে যেন বেয়া নাপায়।” | চাহাব–নিশ্চয় নাপাওঁ। মই আপােনাৰ লাইব্ৰেৰী দেখি মােহিত হৈছে। আপােনাতকৈ ভাগ্যবান মানুহ অতি কম। আপােনা এই খােটালিটোৰ ভিতৰত সােমাই জগতৰ সকলাে মনীষীৰ লগত সাক্ষাৎ হােৱা যেন লাগিছে। আপােনাৰ নিৰ্বাচন দেখি অবাক হৈছে। আপােনাৰ লাইব্ৰেৰীত যে জগতৰ সাহিত্যৰ উৎকৃষ্ট ৰত্নৰাজি এনেকৈ সজাই ৰাখিছে, দিনৌ অতীত-বৰ্তমানৰ মহা মহা পণ্ডিতসকলৰ লগত আপুনি সময় কটাবলৈ পাইছে, তাকে ভাবি মই আপােনাৰ সৌভাগ্যক ঈর্ষা- ভাবেৰে নাচাই থাকিব পৰা নাই। সঁচাকৈয়ে আপুনিয়েই ধন্য। পিচে আপুনি এনে এজন শাস্ত্র-ব্যৱসায়ী হৈ মােক খতিয়ক বুলি পৰিচয় দিছিল কিয়? ৭