ভীষণ প্ৰতিজ্ঞা
“পুঃ—বিবাহৰ পিচত বৰ আমেৰিকালৈ যাবৰ কথা আছে। বিলাতী চাল-চলন ভালকৈ জনা থাকিলে তেওঁকো লৈ যোৱা হ'ব, নহলে যতে তেওঁ থাকিবলৈ ইচ্ছা কৰে, তাতে ৰাখি সুশিক্ষাৰ বন্দৱস্ত কৰা হ’ব। পাত্ৰ আমেৰিকাৰ পৰা ঘূৰি আহোঁতে এবছৰমান লাগিব।
শ্ৰীৰমণীমোহন দত্ত, বাৰ্-এট্ল।
কলুটোলা স্ট্ৰীট, কলিকতা।”
জাননীখন পঢ়ি প্ৰভাই বহুত পৰ ভাবিলে; কিন্তু কি কৰিব একো ঠিক কৰিব নোৱাৰি ক'লে—“আপুনি মোক কি কৰিবলৈ কয়?”
উকীল—মই কওঁ—তুমি বিবাহ কৰিবলৈ ইচ্ছুক বুলি তেওঁলৈ এখন চিঠি লিখাঁ। তাত তোমাৰ সবিশেষ বিবৰণ দিবা, আৰু বিয়া হৈ যোৱাৰ পিচতে ইয়াতে স্কুল চলাব খোজা বুলি লিখিবা। তাৰ লগতে ইয়াকো লিখিবা যে তেওঁ আমেৰিকালৈ গলে ইয়াতে তোমাৰ শিক্ষাৰ বন্দৱস্ত কৰি দিব লাগিব। যদি তোমাৰ কথাত তেওঁ মান্তি হয়, তেনেহলে তেওঁ আহিব, তেতিয়া দেখি শুনি যি ভাল লাগে কৰি থাকিবা।
প্ৰভাৱতীয়ে ভাবি চিন্তি চাই যি হয় কৰিম বুলি কৈছিল; কিন্তু উকীল নানা প্ৰকাৰ বুজনিত বিলম্বত কাৰ্য্য়নাশ বুলি বুজি তেতিয়াই লিখোঁ নিলিখোঁকৈ লিখি দিলে। ময়ে ডাকত দি যাম বুলি উকীলে চিঠিখন জেপত ভৰাই লৈ বাহিৰ ওলাল। যাবৰ সময়ত কৈ গ'ল, —“যদিহে এই মতে কাম হয়, তেতিয়া দেখিম ভণ্ড-তপস্বীৰ মায়াজাল কলৈ যায়!”
উকীল গ’লত প্ৰভাৰ মনটো অতি অস্থিৰ হৈ পৰিল। তেওঁ
-১২৩ -