পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা যে বালিকা বিদ্যালয়ৰ উন্নতিৰ বিষয়ে আলােচনা কৰিবলৈ অতি শীতে আপুনি এখন সৰ্বসাধাৰণৰ সভা আহ্বান কৰিব লাগে। বশংবদ ঐ••••••••••••• শ্ৰীসৰ্বানন্দ দত্ত। কমলচন্দ্ৰ ৰাজখোৱা গদাধৰ শৰ্ম্মা। শ্রীকৃষ্ণকুমাৰ কাকতী। ক্রীতপেশ্বৰ বৰা। শ্ৰীভূতনাথ দাস। শ্রীলক্ষ্মীকান্ত দাস। শ্রীকার্তিকচন্দ্র ভূঞা। দীন-ইয়াত চহী দিবলৈ মােৰ আপত্তি নাই; কিন্তু ইমানবােৰ নকৰি তেওঁক মুখেৰেই দেখােন ক'ব পাৰিলেহেঁতেন। সৰ্বা—মুখেৰে কত বাৰ কৈছো। তেওঁ কাণ নকৰা দেখিহে এনে উপায় কৰিব লগা হৈছে। দীনবন্ধুৱে তেতিয়া ৰাজখােৱা আদিৰ অনুৰােধ মতে খালিকৈ ৰখা প্রথম ঘৰতে তেওঁৰ স্বাক্ষৰ কৰি বেগাবেগিকৈ তেওঁৰ লক্ষ্য স্থানলৈ গতি কৰিলে। দীনবন্ধু গ'লত সৰ্বানন্দই ৰাজখােৱালৈ চাই ক'লে,-“পিচে কি কৰিলা। কথাৰ সেঁত দেখােন কেনিবাহে ব’লে! তুমিও আকৌ দীনবন্ধুৰ কথাতে হয় দিলা। কমল-তেনে নকৰা হলে দীনবন্ধুৱে চহীকে নিদিলেহেঁতেন। কৃষ্ণকুমাৰ-মই ভাবিছো আছে গৰু নবয় হাল, তাৰ সলনি