বিবাহ প্ৰাথী
ভাঙিলে, কিন্তু একোকেই সিদ্ধান্ত কৰিব নোৱাৰিলে। এই দৰে থাকোঁতেই জাহাজৰ উকি শুনা গল, প্ৰভাৱতীৰ বুকু কঁপি উঠিল; কি কৰিব, কি নকৰিব একোকেই ভাবি স্থিৰ কৰিব নোৱাৰিলে। তেওঁ বৰ অস্থিৰ হৈ পৰিল। হঠাৎ তেওঁৰ মনত কিবা এটা খেলালে; তেওঁ যেন অলপ আশ্বস্ত হ’ল।
অলপ পিচতেই এখন ঘোঁড়াৰ গাড়ী প্ৰভাৰ ঘৰৰ মুখ পালেহি। গাড়ীৰ পৰা এজন চাহাবী সাজ-পাৰ পিন্ধা মানুহ বাহিৰ ওলাল। তেওঁ ৰমণীমোহন দত্ত বেৰিষ্টাৰ বুলি আত্মপৰিচয় দিলে। প্ৰভাৱতীয়ে যথাযোগ্য সম্ৰমেৰে তেওঁক অভ্যৰ্থনা কৰিলে। ৰমণীমোহনে তেওঁৰ বয়-বস্তুখিনি গাড়ীৰ পৰা নমোৱাই, গাড়ীৰ ভাৰা এটকাৰ ঠাইত দুটকা দি তেওঁৰ বদান্যতা আৰু অৰ্থ প্ৰাচুৰ্য্যৰ পৰিচয় দিলে।
ৰমণীমোহন সাজ-পাৰত যদিও চাহাব, তেওঁৰ স্বাভাৱিক বৰণ আৰু শাৰীৰিক গঠনে তেওঁক বঙালী বুলি পৰিচয় নিদিয়াকৈ নাথাকে। মুখত যদিও ‘পাউডাৰ’ ঘঁহিছে, তথাপি তাৰ মাজে দিয়েই তেওঁৰ স্বাভাৱিক কৃষ্ণবৰ্ণ জিলিকি উঠিছে। তেওঁ সোমালতে গোটেইখন ঘৰ এচেন্সৰ গোন্ধেৰে মলমলাই গ'ল।
নিয়মমতে চাহ-জলপান খোৱাৰ পিচত দুয়োৰে আলাপ-পৰিচয় হবলৈ ধৰিলে।
- প্ৰভা—মই আপুনি আহিব বুলি কালিহে বাতৰি পাইছোঁ; পূজাৰ
বন্ধত ঘৰলৈ গৈছিলোঁ, কালিহে ঘূৰি আহিছোঁ।
- ৰমণী—আৰু টেলিগ্ৰাম পোৱা নাই নে?
- প্ৰভা—এই অলপ সময়ৰ আগতে পাইছো।
- ৰমণী—এৰা, ময়ো উত্তৰলৈ বাট নাচাই একেবাৰেই অহাটোকে
উচিত ভাবিলোঁ, কাৰণ এনেবোৰ কাম নিলগত ঠিক কৰা কথা নহয়।