পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

দিলে। সেই কাৰণে কাতিৰাম যুতভ্ৰষ্ট হ’ল, আৰু বাকী কেইজনে নিজ নিজ খৰচত নচলালে আড্ডা চলাৰ উপায় নোহোৱা হ'ল।

 (৩) স্কুল-সম্বন্ধীয় আলোচনাৰ সময়ৰ পৰা গকুলচন্দ্ৰ আৰু ৰাজখোৱাৰ মাজত ঘোৰ শত্ৰুতা বাঢ়ে; সেই দেখি গকুলচন্দ্ৰ আঁতৰি- বলৈ বাধ্য হয়। বাকী কেইজনৰ ভিতৰত তপেশ্বৰ নিজ খৰচত দেশী মদ আৰু লাওপানীৰ ওচৰ চাপিল। সৰ্ব্বানন্দ আৰু ৰাজখোৱাই নিজ নিজ ঘৰতে সুৰাদেৱীৰ উপাসনা চলাবলৈ ধৰিলে; অৱশ্যে মাজে মাজে ইজনে সিজনৰ নিমন্ত্ৰণ যে পাইছিল, তাত সন্দেহ নাই। কৃষ্ণকুমাৰে কেতিয়াবা আনৰ ঘৰত ভাগ লয়, আৰু কেতিয়াবা সমূলি নাখাই পুৰাতত্ত্ব আৰু উদ্ভিদতত্ত্বৰ আলোচনাতে দিনটো কটাই দিয়ে।

 দলৰ পৰা বিচ্ছিন্ন হৈ কাতিৰামে আজি গ্ৰামোফোনটো, কালিলৈ হাৰ্ম্মোনিয়মটো—এই অনুক্ৰমে বেচি মদৰ খৰচ উলিয়াবলৈ ধৰিলে; লাহে লাহে চ’ৰা ঘৰ সজাবলৈ যিবোৰ বস্তু সংগ্ৰহ কৰিছিল, এটা এটাকৈ আটাইবোৰৰ পৰালি পেলালে।

 কাতিৰামৰ মাক আৰু ঘৈণীয়েকে কত যে বুজনি দিলে, তাৰ সীমা নাই; কিন্তু একোৱেই কাতিৰ কাণত নোসোমাল। আন কি, মদ খাবলৈ পইচা নাপাই ঘৈণীয়েকক দিনৌ দিনৌ কিলাবলৈ ধৰিলে। ঘৈণীয়েকক পইচা খোজে, আৰু ঘৈণীয়েকে ‘মইনো ক’ত পইচা পাইছোঁ দিবলৈ’ বুলি কলেই কাতিৰামে তেওঁক ভুকুৱাই-কিলাই, গঁতিয়াইগুৰিয়াই নগুৰ-নাগতি কৰে, আৰু বাকচ ভাঙি যি পায় তাকে লৈ যায়। ললিতাই মাটিত পৰি কান্দি কান্দি ঈশ্বৰৰ ওচৰত স্বামীৰ সুমতি দিবলৈ প্ৰাৰ্থনা কৰে। একো দিনা মনৰ দুখত তেওঁৰ মৰিবৰ ইচ্ছা হয়, কিন্তু যেতিয়াই পুত্ৰমুখ দেখা পায়, যেতিয়াই সেই শিশুৰ অমৃতশ্ৰাৱী মধুৰ কলৰৱ শুনিবলৈ পায়, তেতিয়াই তেওঁৰ সকলো দুখ, সকলে অশান্তি আঁতৰ হয়; মাতৃস্নেহৰ মন্দাকিনীধাৰাত পুত্ৰটিক স্নান কৰাই, নিজৰ

-৩৪০-