পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা এই, তুমি যদি ইয়াত থাকিব খুজিছা, তেন্তে তােমাৰ ভাৰ্য্যাকো ইয়ালৈ লৈ আহা। নহলে ঘৰলৈ গৈ শৰাধ, গােপিনী-সবাহ আদি কৰি ভাত মােকোলােৱা। সিও ভাল, সিও তােমাৰ এই আত্মিক অধঃপতনৰ প্রতিবােধ কৰিব।” শিৱই বহুত চেষ্টাৰ মূৰত কোনােমতে ক'লে,-“মােৰ দোষ ক্ষমা কৰক। | দীন—মই দেখােন তােমাক সদায় ক্ষমা কৰি আহিছো। নতুবা ইমান দিনে তােমাৰ গতি কি হ'লহেঁতেন তা জানা নে ? এতিয়াও মই ইচ্ছা কৰিলে তােমাৰ কঠোৰ দণ্ড দিয়াব পাৰো; কিন্তু ভয় নাই, মই তেনে ইচ্ছা নকৰে। এতিয়াও যদি মােৰ অহিত চিন্তিবলৈকে তােমাৰ ইচ্ছা হয়, পৰৰ অপকাৰ কৰাকেই তােমাৰ ধৰ্ম বুলি ভাবা, তেনেহলে তাকেই কৰা, মই বাৰণ নকৰো। এদিন তাৰ অৱশ্যম্ভাৱী। ফল নিজে নিজে ভােগ কৰিবা। | তাৰ পাচত আলমাৰীৰ পৰা চিঠিৰ টোপােলা এটা উলিয়াই আনি দীনবন্ধুৱে আকৌ ক'বলৈ ধৰিলে,-“এই ভােমাৰ দুশ্চেষ্টাৰ স্বহস্ত লিখিত প্রমাণ ; ইয়াৰ বলেৰেই মই ইচ্ছা কৰিলে তোমাক যথেষ্ট শাস্তি দিব পাৰে।। তুমিও সেইটো বুজিছা, আৰু সেই কাৰণেই তােমাৰ দুস্কাৰ্যবােৰ আনৰ নামত কৰিছা। আকৌ বন্ধুবেশেৰে মােক সাহায্য কৰিবলৈ আহি সপ্তাৱ ৰক্ষা কৰিবৰ চেষ্টা কৰিছা। মুঠতে এই চিঠি- বিলাক মােৰ হাতত থকাৰ বাবেই তুমি ভয়ত আত্মগােপন কৰি বন্ধুৰ ভাও ধৰি মােৰ অহিত চিস্তিছা। তাৰ দ্বাৰা তোমাৰ পাপৰ জোখ দুগুণ হৈছে মাথােন। সেই কাৰণে লােৱ এই তােমাৰ পাপ-কাৰ্যৰ লিখিত সাক্ষীবােৰ। তাৰ পিচত যদি ইচ্ছা হয়, আত্মপ্রকাশ কৰি মােৰ যিমান পাৰা কলঙ্ক প্ৰচাৰ কৰাগৈ। কিন্তু আকৌ যদি মােৰ ওচৰলৈ আহ, এনেকৈ প্ৰবঞ্চনা কৰিবলৈ নাহি। এতিয়া যােৱা।”