পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাদুৰী চাহাব

 চাহাৰে বহুত পৰ আচৰিত হৈ ৰ লাগি চাই থাকি ক'লে,-“মই সাজপাৰ দেখি প্ৰথমতে তেনেকৈয়ে ভাবিছিলোঁ; কিন্তু এতিয়া দেখিছোঁ আপুনি প্ৰফেচাৰৰ লায়ক মানুহ।

 দীনবন্ধুৱে হাঁহি হাঁহি ক'লে,-“কিয়, খেতিয়কৰ নিমিত্তে নো কিহত অলায়ক দেখিলে?”

 চাহাবে আন একো নিদি দীনবন্ধুক তেওঁৰ কাৰ্ড দিলে, আৰু দীনবন্ধুৰ নাম ঠিকনাও লিখি ল'লে। তাৰ পিচত দীনবন্ধুক ধন্যবাদ দি হাত জোকাৰি বিদায় লৈ কেবিনত সোমাল।

 কাৰ্ডখনত এই কেইটা কথা আছিল—এম্‌, ডব্‌লিউ, হেমিল্টন ব্যেপ্টিষ্ট মিশ্যন, কলিকতা।


—২৩৭—