পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 দীন—প্ৰভাৱতীৰ হাতে খোৱা অন্যায় যদি জাহাজত বাটলাৰৰ হাতে খোৱাটো ন্যায় হয় কেনেকৈ? তুমি জানো জাহাজত তেনেকৈ খোৱা নাই?

 শিৱ—জাহাজত খালেও তাক কোনেও নাজানে। এনেকৈ দেখাদেখিকৈ খালেহে লেঠা।

 দীন—সেই বিষয়ে মোৰ মত তোমাৰ লগত কোনো কালে মিলিবৰ সম্ভাৱনা নাই। মোৰ মতে যিটো কাম অন্যায় তাক গোপনেও কৰা উচিত নহয়, আৰু উচিত বুলি ভবা কাম গোপন কৰাৰ প্ৰয়োজন নাই। যিটো কাম প্ৰকাশ্যে কৰিবলৈ ভয় লাগে, তাক গোপনে কৰিবলৈ যোৱা ভীৰুতা আৰু কাপুৰুষতা।

 শিৱৰামে তাৰ একো উত্তৰ নিদি ক’লে,-“হেৰি, এটা কাম নকৰে কিয়? মোৰ দুখনমান উৰ্ম্মালৰ আৱশ্যক। মই শুনিছোঁ প্ৰভাৱতীয়ে বৰ বঢ়িয়া উৰ্ম্মাল কৰিব জানে। আপুনি চাৰিখনমান কৰাই নানে কিয়? দুখন মোক দিব, দুখন আপুনি ল’ব, মই কাপোৰ আনি দিম।”

 দীন—মোৰ সম্প্ৰতি উৰ্ম্মালৰ আৱশ্যক নাই। যদিও মই অনুৰোধ কৰিলে কৰি দিব বুলি বিশ্বাস কৰোঁ, তথাপি মই মিছা কথা কৈ অনুৰোধ কৰিব নোৱাৰোঁ। তোমাৰ যেতিয়া প্ৰয়োজন, তুমি নিজে অনুৰোধ কৰাই ভাল।

 শিৱ—সেইটো হওঁতে হয়, কিন্তু কেতিয়াও কোনো আলাপ- পৰিচয় নোহোৱাকৈ হঠাৎ চিঠি লিখিবলৈ কেনেবা লাগে।

 দীন—তেনেহলে এইবোৰ জঞ্জাললৈ নগৈ বজাৰৰ পৰা কিনি আনিবা। মোৰ মতে সেয়ে ভাল।

 শিৱই তাৰ একো উত্তৰ নিদি মৌন হ’ল। অলপ সময় তেনেকৈ থকাৰ পিচত শিৱই আকৌ ক’লে—“আপোনাক আৰু এটা কথা