পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দীনবন্ধুৰ মত

আচৰিত মানিব পাৰে, কিন্তু তেনে কৰাত তেওঁৰ বিশেষ উদ্দেশ্য আছিল। তেওঁ ভাবিছিল গকুলচন্দ্ৰক ভাবিব পাৰিলে তেওঁ চেক্ৰেটাৰী হ’ব। সেই দেখি তেওঁ এই আন্দোলনত আগৰণুৱা হৈ বৰ চাহাবক দেখা নিদিয়াই ভাল; নহ’লে পিচত তেওঁ চেক্ৰেটাৰী হ’লে স্বাৰ্থৰ কাৰণে আগৰ চেক্ৰেটাৰীৰ বিৰুদ্ধে কৈছিল বুলি চাহাবে সন্দেহ কৰিব পাৰে। কৃষ্ণকুমাৰ আৰু সৰ্ব্বানন্দক পঠিয়ালে তেওঁৰ দুয়োটা উদ্দেশ্য ৰক্ষা পৰে।

 চিঠিখন পঢ়া হ’লত চহি কৰিবৰ নিমিত্তে হাতে হাতে দিলে। দুজন কি তিনি জনৰ মাথোন চহি হৈছে, এনেতে দীনবন্ধু উঠি ক’বলৈ ধৰিলেঃ – “আপোনালোকৰ ই কেনে ধৰণৰ আলোচনা মই বুজিব নোৱাৰিলোঁ। সেই খনত যে চহি বিচাৰিছে তাৰ আগেয়ে তাত সকলোৰে মত আছে নে নাই সেইটো সোধাহে উচিত আছিল। কাৰবাৰ হয়তো তাত আপত্তি থাকিব পাৰে।”

 সৰ্ব্বা – ইয়াতনো কাৰ কি আপত্তি থাকিব ?

 দীন – ক’ব নোৱাৰোঁ আন কাৰবাৰ কিবা আপত্তি আছে নে নাই, কিন্তু মোৰ হ’লে যথেষ্ট আপত্তিৰ কাৰণ আছে।

 কৃষ্ণ – তোমাৰ কিমান অভিজ্ঞতা আছেহে, তুমি যে আমাৰ নিচিনা প্ৰবীন মানুহৰ কথাত আপত্তি কৰা? আমাক আপত্তি নালাগে, চহিহে লাগে।

 দীন — কিন্তু মই তাত চহি দিব নোৱাৰো। আপোনালোকৰ কাৰ্য্য নিলিখা কাকতত দস্তখত লোৱাৰ দৰে হৈছে।

 কমলচন্দ্ৰ — কেনেকৈ?

 দীন — আপোনালোকে কি কব গৈ তাক এতিয়াও আমি জানিব পৰা নাই। তেনেস্থলত আপোনালোকৰ কথাকে আমাৰো কথা বুলি কওঁ কেনেকৈ? আপোনালোকে কি ক’ব পাৰিব তাক আলোচনা কৰি

- ১৯৭ -