সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

 গীত শুনি দীনবন্ধু মুগ্ধ আৰু আচৰিত হ’ল। সঁচাকৈয়ে সেই সময়ত তেওঁ হৃদয়-বীণত যি কবিতাৰ নিফুট ঝঙ্কাৰ উঠিছিল, ই তাৰেই তাল-লয় যুক্ত পৰিস্ফুট প্ৰতিধ্বনি! তেওঁ অবাক হল! কিবা মোহত পৰি তেওঁ অন্তৰৰ সঙ্গীতকে বাহিৰত প্ৰতিধ্বনিত হোৱা শুনিছেনেকি? কিন্তু সেয়েই বা হয় কেনেকৈ? তেওঁতো সম্পূৰ্ণ জাগ্ৰত! তেওঁ স্পষ্টকৈ শুনিবলৈ পাইছে যে গীত তেওঁৰ সন্মুখত থকা ঘৰটোৰ পৰা আহিছে। সি যে আৰু আচৰিত! সেই ঘৰটো সাজি উলিয়াবৰে পৰা তাত তেওঁ কোনো মানুহ থকা দেখা নাই! তেনেহলে মানুহ নোহোৱা ঘৰত কোনে এই ৰাতি গান গাব! তাতে সুৰ শুনি ভালকৈ বুজা যায় ই পুৰুষৰ কণ্ঠস্বৰ নহয়, ইয়াত কামিনী-কণ্ঠৰ কোমলতা বিদ্যমান। তেন্তে ই কাৰ গান? অপ্সৰাৰ! অসম্ভৱ। নিশ্চয় আজি কোনোবা মানুহ এই ঘৰলৈ আহিছে। কিন্তু কোন আহিছে তাৰ তত্ত্ব পোৱা যায় কেনেকৈ? এইদৰে নিজৰ মনতে দীনবন্ধুৱে বহুতো প্ৰশ্ন আৰু উত্তৰ কৰিলে; কিন্তু কোনো সিদ্ধান্তত ওলাব নোৱাৰিলে। শেহত মনতে ভাবিলে — “যেয়ে আহক, যেয়ে গাওক, তাৰ সম্ভেদ বিচৰাৰ প্ৰয়োজন কি? যি সুন্দৰ, যি মধুৰ, সি যৰে পৰাই আহক, মনত মলি নাথাকিলে যেয়ে সেয়ে উপভোগ কৰিব পাৰে।” ইমানতো একো একোবাৰ তেওঁৰ মনত সন্দেহ জন্মিছিল। কিজানি ভাবি থাকোঁতে তেৱেঁই জাগ্ৰত স্বপ্ন দেখিছিল। কিন্তু তেওঁৰ সকলো সন্দেহ আঁতৰাই নৈশ নিস্তব্ধতা ভঙ্গ কৰি, আকৌ পিচৰ মুহূৰ্ত্ততে কামিনী-কণ্ঠৰ কোমল কবিতাময় গীত আহি তেওঁৰ কাণত পৰিল —

তুমি কোন নন্দনৰ  পাৰিজাত তুলি
গাঁথিছা কি মালা যতনে?
মোৰ হৃদি-মন্দিৰৰ  পৱিত্ৰ থাপনা
শূন্য ৰ’ল তোমা-বিহনে।

— ১০ —