পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ অধ্যায়

অপৰিচিতা

 দীনবন্ধুৰ ঘৰৰ আগৰ ঘৰটোলৈ মানুহ অহাৰ প্ৰায় এসপ্তাহ হৈছে। এই কেইদিনৰ ভিতৰত তেওঁ সেই গায়িকাৰ বিষয়ে এই কেইটা কথা জানিব পাৰিছে। গায়িকা যুৱতী আৰু সুন্দৰী, বয়স সোতৰ কি ওঠৰ বছৰ হ’ব। তেওঁৰ সাজ-পাৰ পৰি-পাটী কিন্তু বেচি জাকজমকপূৰ্ণ নহয়। তেওঁ বাটেপথে ওলাই সোমাই ফুৰে, মতা মানুহৰ লগতো আলাপ কৰে। গান-বাদ্যত তেওঁৰ ভাল জ্ঞান থাকিব পায়, আৰু সম্ভৱতঃ তেওঁ উচ্চ শিক্ষাত শিক্ষিতা। লগত এটা লৰা আৰু এজনী দাসীৰ বাহিৰে আন কোনো নাই।

 ইয়াৰ বাহিৰেও আৰু কিছুমান খবৰ দীনবন্ধুৰ কাণত নপৰাকৈ থকা নাই। সেইবোৰ হৈছে যুৱতীৰ স্বভাৱ-চৰিত্ৰৰ বিষয়ে। এইটো কোৱা উচিত যে আজিকালি দীনবন্ধুৰ ঘৰলৈ মানুহৰ সমাগম বৰ বেচি। যিবোৰ মানুহ আগেয়ে দীনবন্ধুৰ ঘৰলৈ কেতিয়াও নাহিছিল, তেনে মানুহকো এতিয়া তেওঁৰ চৰাত দেখা যায়। তেওঁলোকৰ উদ্দেশ্য হৈছে যুৱতীৰ আলেখ লেখ চোৱা আৰু একমাত্ৰ আলোচ্য বিষয় তেওঁৰ স্বভাৱচৰিত্ৰ। এইবোৰ আলোচনাত তেওঁৰ বিষয়ে বহুতো জঘন্য কাহিনীও ওলায়। দীনবন্ধুৱে যদিও এইবোৰ আলোচনাত যোগ নিদিয়ে, তথাপি সেই কাহিনীবোৰ তেওঁৰ কাণত নপৰাকৈ নাথাকে; কিন্তু ভাল প্ৰমাণ নাপালে কাৰো বিৰুদ্ধে কোনো কথা গ্ৰহণ কৰা তেওঁৰ অভ্যাস নাই। তাতে সেই কাহিনীবোৰৰ বিষয়ে নানা মুনিৰ এনে নানা মত যে তেওঁ সেইবোৰ কাৰবাৰ সাৰুৱা

— ৩২ —