সপ্তদশ অধ্যায়
গােপন পৰামর্শ
গদাধৰ শৰ্ম্মাৰ দোকানত সান্ধ্য সম্মিলন আগৰ দৰেই চলি আছে। কার্ত্তিকচন্দ্ৰক লগ লগােৱাৰ পৰা খৰচৰ বাবেও বিশেষ চিন্তা কৰিব লগা হােৱা নাই। গদাধৰৰ খাতাত কাৰ্ত্তিকৰ নামেই বেচি ভাগ হিচাপ ৰখা হৈছে। বালিকা বিদ্যালয় স্থাপন হবৰে পৰা গকুলচন্দ্র এই মজলিছত অতি অলপ সময় হে থাকে। কমল- চন্দ্ৰ, সর্ব্ব্বনন্দ আৰু কৃষ্ণকুমাৰ গকুলচন্দ্ৰৰ ব্যৱহাৰত অসন্তুষ্ট ; গকুল- চন্দ্ৰয়াে তাৰ গম নােপােৱাকৈ থকা নাই।
ওপৰত কৈ অহা ঘটনাৰ পিচত এদিন পান-ভােজনৰ শেহত কমলচন্দ্ৰ আৰু কৃষ্ণকুমাৰ সর্ব্ব্বানন্দৰ ঘৰলৈ আহিল। তাৰ পিচত তিনিওজনে আলােচনা কৰিবলৈ ধৰিলে।
কমলচন্দ্র-পিচে স্কুলখনৰ বিষয়ে কি কৰা যায় ?
কৃষ্ণ—এৰা, তাকেইতো ভাবিছোঁ।
সর্ব্বা—কিবা এটা নকৰিলে নহয়; মানুহৰ কথা শুনি আমনি লাগিছে।
কমল—গকুল উকীলৰ কাণ্ড দেখিছ। তাক ইমান যত্ন কৰি চেক্রেটাৰী পাতিলোঁ, এতিয়া সি আমাৰ খবৰকে নােলােৱাত পৰিল।
সর্ব্বা—তুমিয়েই হে সকলাে অনর্থৰ মূল। তুমি যদি সেই দিনা ফাকি-ফুক দি তাক চেক্রেটাৰী নাপাতিলাহেঁতেন, তেনেহলে তাৰ কি সাধ্য চেক্রেটাৰী হয়। মই তুমি নিজেই চেক্রেটাৰী হ’বা বুলি ভাবিছিলোঁ; পিচত তাক পতা দেখি অবাক হলো।
কৃষ্ণ—মই ভাবিছো তেতিয়াই এটা ডাঙৰ ভুল হয়। শাস্ত্রমতে
-১১৬-