একাদশ অধ্যায়
প্ৰেমৰ অঞ্জলি
লক্ষ্মীকান্ত উভতিবৰ দিনাই জ্ঞানেন্দ্ৰই ৰম্ভাক লৈ গৈ মিশ্যন স্কুলৰ লেডি চুপাৰিণ্টেণ্ডেণ্ট মিচ ডেইটনৰ লগত দেখা কৰিলে। আগৰে পৰা বন্দৱস্ত আছিলেই, এতিয়া সেই মতেই ৰম্ভাক কুৰি টকা দৰমহাত এটা কাম দিয়াৰ স্থিৰ হ’ল। ডেইটনে ক’লে,-“যদিও কাম দিয়া হ’ল, তথাপি পহিলা জানুৱাৰীৰ পৰাহে কাম কৰিব লাগিব : কিয়নো, কেইদিনমানৰ মূৰতে বৰদিনৰ বন্ধ হ’ব। সেই দেখি মিছাতে দুদিন এদিন কাম কৰাৰ নাম কৰাতকৈ একেবাৰেই নতুন বছৰৰ আৰম্ভণতে আৰম্ভ কৰাই ভাল।”
এই প্ৰস্তাৱত জ্ঞানেন্দ্ৰৰ আনন্দ হ’ল, কাৰণ কাম ললেই ৰম্ভা বোৰ্ডিঙত থাকিব বুলি আগেয়ে কোৱা আছিল। এতিয়া দিন পিচুৱাই যোৱাত ৰম্ভাক অন্ততঃ দুসপ্তাহমান তেওঁৰ লগত ৰাখিবলৈ সুবিধা পালে। আন কি, সেই দিনাৰ পৰাই কাম কৰিব লগা হোৱা হলেও নানা অসুবিধা দেখুৱাই পাৰিলে ৰম্ভাক জানুৱাৰীলৈকে তেওঁৰ লগত ৰাখিবলৈ তেওঁ মনে মনে আলচি গৈছিল। এতিয়া এনেয়ে তেওঁৰ মনোৰথ সিদ্ধি হোৱাত তেওঁৰ আনন্দৰ পাৰ নাইকিয়া হ’ল।
দুয়ো ঘূৰি অহাৰ পিচত জ্ঞানেন্দ্ৰই ক’লে,-“ৰম্ভা, তুমি মোৰ ভালপোৱাৰ চিনম্বৰূপে এটা গ্ৰামোফোন খুজিছিলা নহয়? তাক মই এক মুহূৰ্ত্তও পাহৰা নাই। তুমি অহাৰ কথা নথকা হলে মই তাক কেতিয়াবাই পঠিয়ালোঁহেঁতেন। এতিয়া তোমাৰ হেঁপাহৰ বস্তু তোমাক
গতাই দিলোঁ। এই লোৱাঁ তোমাৰ গ্ৰামোফোন।”
-২৮০-