পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শিক্ষয়িত্ৰীৰ অপশ বুলি মানুহৰ তেনে ধাৰণা সেই কুমাৰী শিক্ষয়িত্ৰীৰ ওপৰতহে, বিবাহিতা- সকলৰ ওপৰত নহয়। উমাতেনেহলে এনে অৱস্থাত কি কৰা উচিত দীন—এনে অৱস্থাত সকলাে সম্প্রদায়ৰ তিৰুতাক জাতীয় আদর্শত শিক্ষা দিবলৈ যত্ন কৰা সকলাে শিক্ষিত দেশবাসীৰ কৰ্ত্তব্য। উমা—কিন্তু তেনে জাতীয় আদর্শ বিদ্যালয় হবলৈ এতিয়াও বহুত দিন আছে। বর্তমান প্রচলিত বিদ্যালয়বিলাকক এনে কলঙ্কৰ পৰা মুক্ত কৰিব পাৰি কেনেকৈ ? দীন—কলঙ্কৰ মূল-উচ্ছেদ কৰিব পাৰিলেই সকলাে সুকলমে চলিব। এইবােৰ কলঙ্কৰ মূলত এফালে যেনেকৈ স্বাধীনা যুৱতী, আনফালে তেনেকৈ সংযমশূন্য দুর্জন পুৰুষ। এই দুয়াে পক্ষকে আঁতৰাই ৰাখিলেই ব্যভিচাৰৰ বীজ ধ্বংস হ’ব। সেই কাৰণে মােৰ মতে হয় শিক্ষয়িত্রী বিবাহিতা হ’ব লাগিব, নহয় নিয়ম-প্রণালীৰ শাসনৰ তলতীয়া হ’ব লাগিব। যি দেশত অবৰােধ প্রথা নাই, তাত শিক্ষয়িত্ৰীৰ স্বাধীনতাত হস্তক্ষেপ নকৰিলেও চলিব পাৰে ; কিয়নাে তাত যুৱক- যুৱতীৰ সন্মিলন সচৰাচৰ ঘটি থাকে। আমাৰ দেশত কিন্তু তাৰ বিপৰীত। আত্মীয় নহলে যুৱক-যুৱতীৰ দেখা শুনা পৰ্যন্ত নহয়, আৰু কৰবাত হলেও তা বাসনাৰ চেঁকা থাকে। এনে সমাজত যদি এই দুই এজনী কুমাৰীয়ে স্বাধীনতাৰ সাহায্য লৈ যেই সেই পুৰুষৰ লগত নিভৃতে সাক্ষাৎ কৰিবলৈ ধৰে, তেন্তে অলপ দিনৰ ভিতৰতে কি ঘটনা ঘটিব পাৰে, তাক ভাবি চোৱা। বৰ্তমানৰ শিক্ষা, আৰু সমাজত পুৰুষ-স্ত্রীৰ সম্বন্ধলৈ চাই এনে প্রলােভনৰ হাত সাৰিব পৰা কোনােবা আছে নে নাই সন্দেহ। ক'ৰবাত দুই-এজন থাকিলেও সৰ্বসাধাৰণে তেওঁলােককো দলৰ লগত মিলাই লবলৈ বাধ্য হয়। উমা–তেনেহলে তােমাৰ মতে অবিবাহিতা কুমাৰী শিক্ষয়িত্ৰী হ'লে