সাধনা
খুজিব? সিহঁতৰ পৰা ধন-বস্তু উপহাৰ লৈছোঁ সঁচা, কিন্তু সেই
সামান্য উপহাৰৰ মূল্য মােৰ গােটেই জীৱন কেতিয়াও নহয়। সিহঁতে
দানৰ যােগ্য প্রতিদান পাইছে, এতিয়া সিহঁতক বঞ্চিৎ কৰিলেও
মােৰ দোষ হ’ব নােৱাৰে।”
ইয়াৰ পিচত ৰমণীমােহন তাতে থাকিল। পিচ দিনা লক্ষ্মীকান্তৰ লগত গােপনে কিবা পৰামৰ্শ কৰি বিদায় ল’লে।
জাহাজত টিকট কিনিবলৈ পয়চা উলিয়াবৰ নিমিত্তে জেপত হাত সুমুৱাই ৰমণীমােহনে এখন আগেয়ে নেদেখা চিঠি পালে, ক’ৰ পৰা চিঠিখন আহিল তেওঁ তাৰ একো উৱাদিহ নেপালে। যি হওক তেওঁ চিঠিখন আকৌ জেপতে থৈ টিকট কিনি লৈ মাল-বস্তুৱে সৈতে জাহাজত উঠিল। তাৰ পিচত বস্তু বাহানি দিহা লগাই থৈ চিঠিখন উলিয়াই পঢ়িবলৈ ধৰিলে। যেনে—
প্রিয়তম,
যদিও তােমাৰ লগত এদিনৰ হে দেখা, তথাপি সেই অলপ সময়ৰ ভিতৰতে তুমি মােৰ জীৱন-যৌৱন কাঢ়ি নিলা। যােৱা ৰাতিৰ সেই আনন্দ মই জীৱনৰ ভিতৰত পাহৰিব নােৱাৰোঁ। তােমাৰ মনত থাকিবনে? সঁচাকৈয়ে তুমি মােক ভাল পােৱানে? যদি পােৱা তেন্তে তাৰ চিন-স্বৰূপে মােলৈ এটা গ্রামােফোন লৈ আহিবা। এই চিঠিত মােৰ এখন সৰু ফটো পঠিয়ালোঁ; সলনিত তােমাৰ ফটো এখন পঠিয়াই সুখী কৰিবানে? তেতিয়া তুমি ওচৰত নাথাকিলেও সেই ছবিতে তােমাক দেখি শান্তি পাব পাৰিম। ইতি
তােমাৰেই প্রণয়িণী
ৰম্ভাৱতী
⸻
-১৯২-