পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সান-মিহলি

ৰাজখোৱাই এইটো এটা ডাঙৰ সুযোগ পালে, আৰু সহজেই সকলো মানুহক উকীলৰ বিপক্ষে থিয় দিয়ালে। তাৰ ফলত গকুলচন্দ্ৰ চেক্ৰেটাৰী ভাগিল, আৰু ৰাজখোৱাই সেই ঠাই পূৰ্ণ কৰিলে। আগৰ শিক্ষয়িত্ৰী দুজনাক ভাঙি এযোৰা বিবাহিত মতামাইকীক শিক্ষাৰ ভাৰ দিয়া হ'ল। ইয়াৰ পৰা স্কুলৰ অৱস্থা যদিও অলপ ভাললৈ আহিল, তথাপি আগৰ দৰে নহ'ল।

      

 পেৰাৰ ভিতৰত লক্ষ্মীকান্তক পোৱাৰ অলপ দিনৰ পিচতে মহেশ্চন্দ্ৰ দেশলৈ গ'ল। তেতিয়াৰে পৰা তেওঁক আৰু কোনেও ইয়াত দেখা নাই।

 ৰম্ভা কলিকতালৈ গলত লক্ষ্মীকান্তৰ বন্ধু-বান্ধৱবোৰো লাহে- লাহে আতৰি গ'ল। এতিয়া তেওঁৰ পূৰ্বৰ আদ্দা এটাও নাই। সেই কাৰণে বাধ্য হৈ আজি-কালি তেওঁ ঘৰ লৈছে। তাৰ পৰা সম্পূৰ্ণ নহলেও কিছু পৰিমাণে তেওঁৰ স্বভাৱৰ দোষ দূৰ হৈছে। মহেশৰ ঘৰত পোৱা শিক্ষাৰ পৰাও তেওঁৰ অলপ উপকাৰ নোহোৱাকৈ থকা নাই

      

 ৰম্ভা যোৱাৰ পিচত ইন্দ্ৰনাথ এঘৰত চপনীয় চাপিল। এতিয়াও তেওঁ পূৰ্ব্বৰ কামকে কবে। বিয়াৰ পিচৰ পৰা তেওঁৰো স্বভাৱ- চৰিত্ৰ আগতকৈ ভাল দেখা গৈছে।

 ৰম্ভাৱতীক আমি কলিকতাৰ ৰূপৰ বজাৰত এৰি আহিছিলোঁ, তেওঁ তাতে থাকিল। তাত থাকিবলৈ যদিও তেওঁৰ মুঠেই আগ্ৰহ জন্মা নাছিল, তথাপি ওলাই আহিবৰো উপায় নাছিল। তাত অলপ দিন থকাৰ পাচতেই তেওঁৰ স্বাস্থ্য পৰি আহিল, দিন-ৰাতি

-৩৮৩-