গুপ্ত চিঠি
ৰম্ভা, আনন্দ আৰু গৰ্ব্বত উৎফুল্ল হৈ উঠিল, আৰু বিনা অনু- ৰোধেই আকৌ এটা গীত ধৰিলেঃ—
হৃদি-কুঞ্জ-কানন কৰিছো সুসজ্জিত,
সুৰভিত ধূপ-দীপ গন্ধ।
পাতিছোঁ যতনে কুসুম সিংহাসন,
বিচিছে মলয়ে মন্দ মন্দ।
চিৰ মধুঋতু,— হাঁহিছে শশধৰ,
বেঢি নাচে নক্ষত্রবৃন্দ।
জৰিছে সঘনে সুললিত ঝঙ্কাৰে
সঙ্গীত সুধা মধু-চ্ছন্দ।
স্বাগত আজি হে চিৰবাঞ্ছিত,
লােৱাঁ এই বাহু যুগ-বন্ধ।
চিৰসখা তুমি লােৱাঁ অর্ঘ্য সাদৰি,
পিওৱাঁ প্রণয়-মকৰন্দ।
গীত অন্ত পৰিল। ৰমণী যেন গীতৰ সুৰতে গলি গ'ল। পুনঃ পুনঃ ৰম্ভাক ধন্যবাদ দিবলৈ ধৰিলে। শেহত ক'লে,-“তােমাৰ এই বিদ্যা, এই ৰূপ, এই গলা, এই মােহন সুৰ লৈ যদি তুমি কলিকতাত থাকিলাহেঁতেন, তেনেহলে তােমাৰ এটা গানৰ মূল্য হাজাৰ টকা হ'লহেঁতেন। তােমাৰ এটা গান শুনিবলৈ কত ৰজা, কত জমিদাৰ বলিয়া হ'লহেঁতেন তাৰ ঠিক নাই।”
ৰম্ভাই মনতে ভাবিলে—“তেনেহলে এবাৰ কলিকতাত ফুৰিয়েই বা নাহোঁ কিয়? আব্দুলে ভাবিছে তাৰ লগত যাম, ইন্দ্রনাথে ভাবিছে তাৰ লগত যাম, ইন্দ্ৰনাথ ভাবিছে তাৰ লগত বিয়া হ’ব, মহেশৰ ইচ্ছা, মই যেন চিৰদিন তেওঁৰ হৈয়েই থাকিম, কিন্তু নিতে
নতুন খাদ্যৰ যােগাৰ হলে কোন মুৰ্খই বাহী বস্তুত তৃপ্তি পাব
-১৯১-