পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসবর্ণ বিবাহ


 অৰ্থাৎ নীহকুলীয়াৰ পৰাও শুভা বিদ্যা শ্ৰদ্ধাৰে সৈতে গ্ৰহণ কৰিব; চণ্ডালৰ পৰাও পৰম ধৰ্ম্ম আৰু বেয়া কুলৰ পৰাও স্ত্ৰীৰত্ন গ্ৰহণায়।

 আকৌঃ—

স্ত্ৰিয়ো ৰত্নান্যথো ৱিদ্যা ধৰ্ম্মঃ শৌচং সুভাষিতং।
ৱিবিধানি চ শিল্পানি সমাদেয়ানি সৰ্ব্বতঃ॥

 অৰ্থাৎ তিৰোতা, ৰত্ন, বিদ্যা, ধৰ্ম্ম, শৌচ, সুভাষণ আৰু বিবিধ শিল্প য’ৰে ত’ৰে পৰা সংগ্ৰহ কৰা উচিত।

 এই ৰচনবোৰ অকল স্মৃতিতে আছে, এনে নহয়, পুৰাণ, ইতিহাস আদিৰ পাতে পাতে সেইবোৰ কাৰ্যতঃ পালন কৰা দেখিবলৈ পাবা। অৱশ্যে, বৰ্তমান অধঃপতিত সমাজে এইবোৰ সমৰ্থন নকৰে, আৰু সেই কাৰণেই চলিত প্ৰথাৰ বিৰুদ্ধে চলিলে লোক-গঞ্জনাৰ ভয় আছে। মোৰ বিশ্বাস হৈছে,তোমাৰ মত মোৰ লগত অমিল নহয়, মাত্ৰ ওপৰত কোৱা ভয়ৰ কাৰণে আপত্তি উত্থাপন কৰিছা। যদি সেয়ে হয়, তেনেহলে কওঁ—লোকমতলৈ ভয় কৰি বিবেক-বিৰুদ্ধ কাৰ্য্য কৰা উচিত নহয়। মই যিটো অন্তৰেৰে সৈতে বিশ্বাস কৰোঁ, যিটো কৰ্ত্তব্য বুলি বিবেকে কৰিবলৈ কয়, তেনে কাৰ্য্যত লোকমতলৈ অপেক্ষা কৰা মোৰ স্বভাৱ নহয়। তাৰ পৰা যদি কিবা বিপদ ঘটে, তাকো মই হাঁহি হাঁহি মুৰ পাতি ল’ম। ইয়াৰ লগতে এইটোও কওঁ যে মোৰ মত যেনে হওক, তোমাৰ লগত নিমিলিলে তাক যেন চকু মুদি গ্ৰহণ নকৰা। এই চিঠি পঢ়াৰ পিচত যি হয় স্বাধীনভাবে চিন্তা কৰি স্থিৰ কৰিবা। অকল মোক তুষ্ট কৰিবলৈ নভবা নিচিন্তাকৈ বা তোমাৰ ইচ্ছাৰ বিৰুদ্ধে মত দিলে মই সন্তুষ্ট নহৈ অসন্তুষ্টহে হ'ম। মুঠ কথা,

স্পষ্ট কথা শুনিলে, সি যদি কষ্টদায়কো হয়, তথাপি তাক সহ্য কৰিম।

—৩২৩—